আজি 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ এছিভাৰ এৱাৰ্ড অনুষ্ঠান...

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ, সাহিত্য ক্ষেত্ৰত অগ্ৰণী অনুষ্ঠান হিচাপে পৰিগণিত হোৱা ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ অন্যতম মূল অংগ ‘অসমীয়া প্ৰতিদিন’ৰ ডিব্ৰুগড় সংস্কৰণে চলিত বছৰতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে।

New Update
তকদ

ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ, সাহিত্য ক্ষেত্ৰত অগ্ৰণী অনুষ্ঠান হিচাপে পৰিগণিত হোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ অন্যতম মূল অংগ অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে চলিত বছৰতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। ১৯৯৯ চনৰ ১৫ ডিচেম্বৰত আত্মপ্ৰকাশ কৰা 'অসমীয়া প্ৰতিদিন'ৰ ডিব্ৰুগড় সংস্কৰণৰ ৰূপালী জয়ন্তীৰ এই গৌৰৱোজ্জল ক্ষণৰ সৈতে সংগতি ৰাখি সাদিন প্ৰতিদিন গোষ্ঠীয়ে যোৱা ১০ বছৰে প্ৰদান কৰি অহা এছিভাৰ এৱাৰ্ড সন্মান অনুষ্ঠান আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ১১বজাৰ পৰা আৰম্ভ হব। 

Advertisment

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিল্প, সাহিত্য, বিজ্ঞান, কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ অবদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা এই এছিভাৰ এৱাৰ্ড এইবাৰো কেইবাজনো বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা।

তাৰোপৰি অসমৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন শ্ৰেণীৰ নেতৃত্বাস্থানীয় লোকসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য, যোৱা ১০ বছৰে গুৱাহাটীত এই এছিভাৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হৈ আহিছিল যদিও এইবাৰ অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়তেই এছিভাৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

তাৰোপৰি ৯ ডিচেম্বৰত চৌকিদিঙ্গী খেলপথাৰত অনুষ্ঠিত হ প্ৰতিদিন লাইভ ইন কনচাৰ্ট। ৰাজ্যৰ জনপ্ৰিয় শিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ, ভোজপুৰী সংগীতৰ ৰাণী তথা লোকসংগীত শিল্পী কল্পনা পাটোৱাৰী, জুবলি বৰুৱা আৰু প্ৰিয়ংকা ভৰালীয়ে এই লাইভ ইন কনচাৰ্টত সংগীতানুষ্ঠান পৰিবেশন কৰিব।

সাদিন-প্ৰতিদিন গোষ্ঠী