বিশ্বতে বিৰল ! দুৰ্ঘটনাই যুৱকক সলনি কৰিলে যুৱতীলৈ...

কেনেদৰে এজন যুৱকৰ পৰা সলনি হৈ যুৱতী হ'বলগীয়া হৈছে
riya basumatary
riya basumatary

ডিজিটেল সংবাদ বকোঃ লিংগ পৰিৱৰ্তন নতুন কথা নহয়। ১৯৫০ ৰ দশকত আমেৰিকাৰ ক্ৰিষ্টিন জৰ্গেনছেন নিজৰ লিংগ পৰিৱৰ্তন কৰি বিশ্বৰে প্ৰথম ট্ৰেন্স মহিলা হিচাপে পৰিচিত হৈ পৰিছিল। আমেৰিকাৰ সফল অভিনেত্ৰী, গায়িকা ক্ৰিষ্টিন জৰ্গেনছেনে আৰম্ভ কৰা এই সাহসী পদক্ষেপৰ পিছত বিশ্বত এনে লিংগ পৰিৱৰ্তনৰ ঘটনা বহু ঘটিছে।

শৰীৰ হৰমনৰ বাবেই একাংশৰ শাৰীৰিক গঠন ল'ৰা অথবা ছোৱালীৰ দৰে হয় যদিও তেওঁলোক মানসিক ভাৱে সম্পূৰ্ণ এক বিপৰীত স্থিতিত থাকে। আধুনিক চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰৰ লগে লগে এনে মানসিৰ স্থিতিৰ ল'ৰা-ছোৱালীয়ে নিজৰ লিংগ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। এনে দৰে লিংগ পৰিৱৰ্তন কৰা বহুতৰে সামাজিক অথবা আইনী ব্যৱস্থাৰ জৰিয়তে বিবাহো সম্পন্ন হৈছে।

ট্ৰেন্স জেনডাৰৰ ধাৰণা ভাৰতৰ ক্ষেত্ৰত অতি প্ৰাচীন। মহাভাৰতৰ অন্যতম এক চৰিত্ৰ শিখণ্ডি এন ট্ৰেন্স জেনডাৰৰ এক উদাহৰণ। প্ৰকৃতিগত ভাৱেই লাভ কৰা মানসিক অনুভূতি, চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে লিংগ পৰিৱৰ্তন আজিৰ বিশ্বত কোনো নতুন কথা নহয় যদিও অকস্মাতে সংঘটিত হোৱা এক দুৰ্ঘটনাই মানুহৰ লিংগ পৰিৱৰ্তন কৰাৰ কথা নতুনেই নহয় এক প্ৰকাৰে বিৰল ঘটনা।

অস্বাভাৱিক আৰু অপ্ৰাকৃতিক যেন লগা এই ঘটনা সংঘটিত হৈছে আকৌ অসমত। হঠাতে সংঘটিত হোৱা এক দুৰ্ঘটনাই এইখন অসমৰে এজন যুৱকক যুৱতীলৈ ৰূপান্তৰ কৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

দুধনৈৰ ৰংজুলিৰ এজন যুৱক সৌৰভ বসুমতাৰী। এক বাইক দুৰ্ঘটনাই সলনি কৰিলে সৌৰভৰ লিংগ। এসময়ৰ সৌৰভ এতিয়া হৈ পৰিল ৰিয়া। এই ঘটনা পোহৰলৈ আহিছে বকোৰ লোক-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ঢুলীয়া নাট্যদল এটা মঞ্চ অভিনয়ৰ বাবে সাজু হোৱাৰ সময়ত। এই নাটকৰে অভিনেত্ৰী ৰীয়া বসুমতাৰীৰ জীৱনো যে নাটকীয় ভাৱেই সলনি হৈছিল সেই কথা প্ৰকাশ পাইছে।

৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ ২নং উত্তৰ ছেখাদাৰীগাঁৱৰ অশোক কুমাৰ ৰাভা নামৰ প্ৰযোজকগৰাকীৰ প্ৰযোজিত শ্ৰীকৃষ্ণ ঢুলীয়া নাট্যদলৰ এইবাৰ অষ্টম নাট্যবৰ্ষ । এই নাট্যবৰ্ষত ঢুলীয়া নাট্য দলটোৰ নাটকত অভিনেত্ৰী হিচাপো যোগদান কৰিছে ৰীয়াই।

ৰীয়া বসুমতাৰীয়ে নাট্যদলটোৰ নাটকত অভিনয় কৰাৰ লগতে নৃত্যও পৰিবেশন কৰিব। ৰীয়া বসুমতাৰীৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংজুলিৰ সুতাৰপাৰা নামৰ গাঁওখনত ।

ৰীয়া বসুমতাৰীৰ পূৰ্বৰ নাম আছিল সৌৰভ বসুমতাৰী । অৰ্থাৎ ঢুলীয়া নাট্যদলটোৰ ৰীয়া বসুমতাৰী নামৰ অভিনেত্ৰীগৰাকী পূৰ্বতে আছিল এজন যুৱক । ধনেশ্বৰ বসুমতাৰী আৰু কনকলতা বসুমতাৰীৰ তিনি সন্তানৰ ভিতৰত সৌৰভ আছিল কনিষ্ঠ তথা একমাত্ৰ পুত্ৰ সন্তান।

ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কামৰ সন্ধানত অসম এৰি ২০১৬ চনত কলকতালৈ গৈছিল সৌৰভ। কলকতাৰ এটা কল চেণ্টাৰত সৌৰভে তিনি বছৰ ধৰি কাম কৰে ।

নৃত্যৰ প্ৰতি সৰুৰে পৰা ৰাপ থকা সৌৰভে কলকতাত সময় উলিয়াই কল চেণ্টাৰত কাম কৰাৰ মাজতে প্ৰায় ৬ মাহ ভাৰত নাট্যমৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । ৩ বছৰৰ অন্তত সৌৰভ ঘূৰি আহে স্বগৃহলৈ। ঘৰলৈ আহি পুনৰ অভয়াপুৰীত চাটিন ক্ৰেডিট কাৰ্ড প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাত ধন সংগ্ৰহ কৰা কৰ্মচাৰী হিচাপে যোগদান কৰে তেওঁ ।

সেই সময়তে অভয়াপুৰীত সৌৰভ বসুমতাৰীৰ এদিন মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত সৌৰভে গুপ্তাংগত বেয়াকৈ আঘাত পায় । দীৰ্ঘদিন ধৰি চিকিৎসা কৰাত সৌৰভ বসুমতাৰীয়ে সুস্থ হয় যদিও যুৱকগৰাকী সম্পূৰ্ণৰূপে যৌন শক্তি হেৰুৱাই পেলায়।

চিকিৎসকে সেই কথা জনোৱাত যুৱকগৰাকীৰ মূৰত সৰগ ভাঙি পৰে । চিকিৎসকে সৌৰভৰ লিংগ পৰিৱৰ্তন কৰিলে সেই সমস্যাৰ পৰা হাত সাৰিব পৰিব বুলি জনায় ।

চিকিৎসকৰ কথাত সৌৰভ হতভম্ব হয় যদিও উপায়হীন হৈ শুভাকাংক্ষীৰ সহায়ত ২০২০ চনত হাৰিয়ানাৰ চিকিৎসালয় এখনত অস্ত্ৰোপচাৰ কৰি লিংগ পৰিৱৰ্তন কৰে । লগে লগে সৌৰভ বসুমতাৰী পৰিৱৰ্তন হয় ৰীয়া বসুমতাৰীলৈ।

সৌৰভ বসুমতাৰী নামৰ যুৱকগৰাকীৰ সলনি ৰীয়া বসুমতাৰী বৰ্তমানে এগৰাকী যুৱতী । লিংগ সলনি কৰি ৰীয়া বসুমতাৰী হোৱাৰ পিছত যুৱতী হিচাপে পিতৃ-মাতৃৰ দায়িত্ব গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব বুলি ৰীয়াই বহুদিন গোপনে গোপনে কান্দিছিল ।

এতিয়া অৱশ্য সকলো দিশৰ পৰা এসময়ৰ সৌৰভ আৰু এতিয়াৰ ৰীয়া বসুমতাৰী মানসিক ভাৱে প্ৰস্তুত হৈ পৰিছে। পৰিস্থিতিৰ সৈতে নিজকে মিলাই লৈছে ৰীয়াই। অৱশ্যে ঠেক মানসিকতাৰ একাংশ লোকে ৰীয়াক লৈ এতিয়াও ইতিকিং কৰে, সমালোচনা কৰে। সেয়া ৰীয়াই এৰি চলে। ৰীয়াক তেওঁৰ ইচ্ছা অনুসৰিয়েই নাট্যদলত প্ৰাণঢালী অভিনয় কৰাৰ সুযোগ দিছে অশোক কুমাৰ ৰাভাৰ দৰে সচেতন প্ৰযোজকে।

আজি ঢুলীয়া নাট্যদলটোৱে আখৰাৰ সামৰণি মাৰিছে । সমাগত দুৰ্গাপূজাৰ পৰাই ঢুলীয়া নাট্যদলটোৱে ৰাইজৰ মাজত নাট প্ৰদৰ্শন কৰিব । দৰ্শকে সৌৰভ বসুমতাৰীৰ পৰা ৰীয়া বসুমতাৰী হোৱা অভিনেত্ৰীগৰাকীৰ দুৰ্দান্ত অভিনয় দেখিবলৈ পাব। নাট্যদলটোক লৈ আশাবাদী ৰীয়াবসুমতাৰীও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in