দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী এবছুৰ

দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী এবছুৰ
Published on
Updated on

ডিজিটেল সংবাদ,ওদালগুৰিঃ ৩ মে'ত গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত গণধৰ্ষণ কাণ্ড তথা ৫ মে'ত সংঘটিত জঘন্য হত্যাকাণ্ড সন্দৰ্ভত শনিবাৰে এক সংবাদমেল আয়োজন কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে জিলা এবছু কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত পুনৰ সমগ্ৰ ঘটনাক গৰিহনা দিয়ে। সংবাদমেলত তেওঁ কয় যে, আমি ইতিমধ্যে কেইবাটাও আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলো। সকলোৰে দাবী আছিল যে ঘটনাত জৰিত ধন আলী, বাহাৰ আলী আৰু ৰহমান আলীক উচিত শাস্তি প্ৰদান কৰিব লাগে।

লগতে কয় যে,আমি দাবী জনাইছিলো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ঘটনাৰ তদন্ত কৰি দোষীক ফাঁচি দিব লাগে। আমি চৰকাৰক দাবী জনাইছিলো যে ভুক্তভোগী পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ লগতে আন‌ দুই নাবালিকা ভুক্তভোগীৰ পৰিয়ালকো ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছিলো। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে দুধনৈৰ ভুক্তভোগী পৰিয়ালটোৰ বাসগৃহলৈ আজিলৈ চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী অথবা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও কোনো মন্তব্য প্ৰদান নকৰিলে। যাৰ ফলত আজি পুনৰবাৰ আমি মাত মাতিবলৈ বাধ্য হৈছো।"

ঘটনা সন্দৰ্ভত বড়োৱে মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰে। এটা জনজাতি পৰিয়ালৰ হোৱা বাবেই চৰকাৰ প্ৰশাসনে পৰিয়ালটোক বঞ্চনা কৰি ঘটনাটো গাপ দি থব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে? লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত পূৰ্বে ঘোষণা কৰা অনুসৰি সোমবাৰে সন্ধিয়া কেইবাটাও সংগঠন একলগ হৈ ৰাজ্যজুৰি জোঁৰ লৈ সমদল উলিয়াব বুলি জানিবলৈ দিয়ে।

ইয়াৰ পাছতো চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা হাতত নল'লে অহা সপ্তাহত অনশন কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে ৩ মে'ত গোৱালপাৰা জিলাৰ দুধনৈত ৰঙালী বিহুৰ এক অনুষ্ঠানৰ পৰা উভতাৰ পথত ধন আলী, বাহাৰ আলী আৰু ৰহমান আলী নামৰ তিনি অভিযুক্ত‌ই সংঘটিত কৰিছিল এক গণধৰ্ষণৰ ঘটনা।

ইয়াৰ পাছত অভিযুক্তই ভুক্তভোগী নাবালিকাৰ ককায়েককো হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত ঘটনাই সমগ্ৰ ৰাজ্য কপাই যোৱাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত হৈছিল প্ৰতিবাদ।

আজিৰ সংবাদমেলত এবছু সভাপতিগৰাকীয়ে ঘটনাৰ মূল অভিযুক্ত ধন আলীয়ে পূৰ্বে সংঘটিত কৰা কেইৱাটাও অপৰাধৰ ঘটনাৰ কথাও উল্লেখ কৰে। বৰ্তমান দুধনৈৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত থকা ৫ অভিযুক্ত‌ই মুকলি আকাশৰ তললৈ আহিলৈ আগন্তুক দিনত পুনৰ এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ আশংকা কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। আগন্তুক দিনত চৰকাৰে কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ সমানে অইনগত দিশত আগবঢ়াৰ কথাও বড়োৱে সংবাদমেলখনত প্ৰকাশ কৰে।

দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী এবছুৰ
কৰিমগঞ্জত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in