সফলতাৰে সামৰণি পৰিল নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

“কিতাপে মানুহৰ মনলৈ শান্তি আনে। কিতাপে মানুহৰ চিন্তা- চেতনা জাগ্ৰত কৰে। বিভিন্ন জনে বিভিন্ন মতলবত কিতাপ লিখে। যিয়ে যি মতলবত কিতাপ নিলিখক কিয়, আচল কথাটো হৈছে সময়...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
koyakuchi

koyakuchi

ডিজিটেল ডেস্ক : “কিতাপে মানুহৰ মনলৈ শান্তি আনে। কিতাপে মানুহৰ চিন্তা- চেতনা জাগ্ৰত কৰে। বিভিন্ন জনে বিভিন্ন মতলবত কিতাপ লিখে। যিয়ে যি মতলবত কিতাপ নিলিখক কিয়, আচল কথাটো হৈছে সময়। ৰচকে কিতাপখন কোন সময়ত লিখিছে, কিহৰ পটভূমিত লিখিছে আৰু কিয় লিখিছে এইবোৰ প্ৰশ্ন পাঠকে কৰিব পাৰিব লাগিব।“- এই মন্তব্য প্ৰবীণ ৰাজনীতিবিদ, প্ৰাক্তন বিধায়ক তথা লেখক হেমেন দাসৰ। 

Advertisment
hemen das
hemen das

দেওবাৰে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিত নৱম সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। 

kayakuchi
kayakuchi

আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন বিধায়ক হেমেন দাস আৰু বিধায়ক দিগন্ত বৰ্মন। সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰাজীৱ সন্দিকৈয়ে। একেদৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ আৰু সমাজসেৱক ৰাছেল হুছেইন।

sabordhona
sabordhona

নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসলৈ আগবঢ়োৱা হয় ২০২৪ বৰ্ষৰ কয়াকুছি বঁটা। একেদৰে উক্ত সভাতে ২০২৪ বৰ্ষৰ কৃতি শিক্ষক বঁটা তিলক কুমাৰ শৰ্মালৈ আগবঢ়োৱা হয়। অনুষ্ঠানত ২০২৪ বৰ্ষৰ আদৰ্শ খেতিয়কৰ বঁটা ফজলুল হক খানক প্ৰদান কৰা হয়। 

বুঢ়াসত্ৰীয়াক সম্বৰ্ধনা
বুঢ়াসত্ৰীয়াক সম্বৰ্ধনা

বিধায়ক জাকিৰ হুছেইন সিকদাৰে সভাপতিত্ব কৰা এই সভাত বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে ভাষণ প্ৰদান কৰি কয়- গ্ৰন্থই এটা জাতিৰ ইতিহাস দাঙি ধৰে। গ্ৰন্থৰ জৰিয়তে ভাৰতীয় সভ্যতা আৰু ইতিহাস জানিব পাৰি। অতীজতে যদি বেদ- উপনিষদ আদিৰ সৃষ্টি নহ’লহেতেন তেন্তে আমি গ্ৰন্থৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰিলোহেঁতেন ! ভাষণ প্ৰসংগত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সম্পৰ্কতো কেতবোৰ মন্তব্য কৰে। 

dr baubul ch das
dr baubul ch das

আনহাতে আজিৰ সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অধ্যাপক ড০ ৰাজীৱ সন্দিকৈয়ে তত্বগধুৰ ভাষণ প্ৰদান কৰে। ড০ সন্দিকৈয়ে কয়- কয়াকুছিৰ দৰে এটা অঞ্চলত কিতাপৰ প্ৰতি আগ্ৰহ দেখি ভাল লাগিছে। এই আগ্ৰহ যেন পাঠকসকলৰ আগলৈও থাকে তাৰ বাবে মই আশা ৰাখিছো।

dr rajeev handique
dr rajeev handique

উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সমাজসেৱক ৰাছেল হুইছেনে হিন্দু – মুছলমান ভাগ ভাগ কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এই আফলা কথাৰ তীব্ৰ বিৰোধিতা কৰে। 

russel
russel

অনুষ্ঠানত মৃগেন দাসে পৰিৱেশন কৰা জিকিৰ আৰু জাকিৰ হুছেইনে পৰিৱেশন কৰা বৰগীত শুনি পৰম তৃপ্তি লাভ কৰা বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে হুছেইনে। কয়াকুছিত দেখা এই সম্প্ৰীতিৰ বান্ধে অনাগত দিনত সকলো ধৰ্মাৱলম্বীক এনাজৰীৰ ডোলেৰে বান্ধি ৰাখিব বুলি আশা প্ৰকাশ কৰে। যিয়ে অনাগত দিনত শংকৰ- আজানৰ সমাজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি তেওঁ বক্তব্যত উল্লেখ কৰে। সাম্প্ৰতিক সময়ৰ ৰাজনীতি সন্দৰ্ভতো তেওঁ বক্তব্য প্ৰদান কৰে।

jikir
jikir

আনহাতে উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সাৱলীল ভাষণে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেওঁ গ্ৰন্থ আৰু বাণিজ্য এই সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। গ্ৰন্থমেলা আৰু বাণিজ্য মেলাই কিদৰে এটা অঞ্চলৰ অৰ্থনৈতিক দিশত বৰঙণি যোগাই সেই সম্পৰ্কতো মহন্তই কেতবোৰ মন্তব্য কৰে।

লগতে তেওঁ কয়- কয়াকুছিক এতিয়া ভিতৰুৱা অঞ্চল বুলি ক’ব নোৱাৰি। এটা সময়ত যদিও অঞ্চলটোৰ ৰাস্তা-ঘাট বেয়া আছিল, কিন্তু অতীজৰে পৰা বৰপেটা, হাউলী, কয়াকুছি আদি অঞ্চল চহকী। তেওঁ বকো- সোণতলীৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। ইয়াৰ উপৰি কয়াকুছিত আয়োজিত এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ কৰ্মস্পৃহাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। 

prakash
prakash mahanta

আজিৰ এই সভাত অতিথি তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ, কৃতি শিক্ষকৰ বঁটা লাভ কৰা তিলক কুমাৰ শৰ্মা, বিধায়ক দিগন্ত বৰ্মন আদিয়েও সাৰুৱা ভাষণ প্ৰদান কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতিয়ে। সভাপতিগৰাকীয়ে উপস্থিত আটাইকেগৰাকী অভ্যাগতৰ লগতে উপস্থিত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

tilak
tilak

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে সভাৰ পূৰ্বে স্থানীয় শিল্পীৰ দ্বাৰা এটি ভিন্নসুৰীয়া বৃন্দ গীত পৰিৱেশন কৰা হয়। ইফালে মৃগেন দাসৰ জিকিৰ আৰু জাকিৰ হুছেইনে বৰগীত পৰিৱেশন কৰাৰ পাছতে আনুষ্ঠানিকভাৱে সভাখন অনুষ্ঠিত কৰা হয়। 

diganta
diganta

উল্লেখ্য যে ২০১৫ চনৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে অঞ্চলটোৰ ৰাইজে। ইয়াৰ উপৰি এইবাৰ এই গ্ৰন্থ আৰু বাণিজ্য মেলা ১৬ৰ পৰা ২২ ডিচেম্বৰলৈকে কয়কুছিস্থিত শংকৰ- আজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয়।

barpeta assam book fair