সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নৱম সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ আয়োজন

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই অহা ১০ জুনত নৱম বছৰ পূৰ্ণ কৰিব। এই উপলক্ষে অহা ১০ জুনত গুৱাহাটী পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ "নৱম সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস” অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসমত বসবাস কৰা নাথ-যোগীসকলৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক দিশত সর্বাঙ্গীন বিকাশৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৩৪২ নং অনুচ্ছেদৰ আধাৰত অতি সোনকালে জনজাতিৰ মৰ্য্যদা প্রদান কৰা আদিকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত সংগ্ৰাম চলাই অহা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই অহা ১০ জুনত নৱম বছৰ পূৰ্ণ কৰিব। এই উপলক্ষে অহা ১০ জুনত গুৱাহাটী পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ "নৱম সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস” অনুষ্ঠিত হ'ব । 

Advertisment

এই তথ্য সদৰী কৰিছে সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু সাধাৰণ সম্পাদক দীপক নাথে । এক প্ৰেছ বিবৃতিত উক্ত তথ্য সদৰী কৰি সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু সাধাৰণ সম্পাদক দীপক নাথে কয় যে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই নিজ জনগোষ্ঠীৰ অধিকাৰৰ দাবীত সদায় মাত মাতি যাব আৰু জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কাম কৰি যাব । 

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ "নৱম সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস” কাৰ্যসূচীৰ পুৱা ৯:০০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ'ব । ইয়াৰ পিছতেই ১০:০০ বজাত শ্বহীদ তৰ্পন কৰিব সন্থাৰ সাধাৰণ সম্পাদক দীপক নাথে । 

আনহাতে ১১:০০ বজাত সাংস্কৃতিক অনুষ্ঠান  অনুষ্ঠিত হ'ব আৰু দুপৰীয়া এক বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা। য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰীকা । 

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিধায়ক লৰেঞ্চ ইছলাৰী , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীবেশ ৰায়, নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনুধৰ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ , অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই , এবছুৰ সভাপতি দ্বীপেন বড়ো  আদিকে ধৰি আন বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব । অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু সাধাৰণ সম্পাদক দীপক নাথে ।

kokrajhar