উপেক্ষিত পৌৰাণিক সম্পদ, জহি খহি নিঃশেষ হোৱাৰ পথত পুৰণি ডাক বঙলা

ঢকুৱাখনা নগৰৰ এটা পৌৰাণিক চৰকাৰী সম্পদ। ঢকুৱাখনাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে সম্পৃক্ত এইটো চৰকাৰী সম্পদ। এসময়ত চৰকাৰী বিভাগে , শোৱনী ঘৰে সমুজ্জল হৈ থকা সদাব্যস্ত এই স্থাৱৰ সম্পদে এতিয়া মৃত্যুৰ ক্ষণ গণিছে

author-image
Asomiya Pratidin
New Update
৫৬ বছৰ পুৰণি ডাক বঙলা

৫৬ বছৰ পুৰণি ডাক বঙলা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ এটা পৌৰাণিক চৰকাৰী সম্পদ। ঢকুৱাখনাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে সম্পৃক্ত এইটো চৰকাৰী সম্পদ। এসময়ত চৰকাৰী বিভাগে , শোৱনী ঘৰে সমুজ্জল হৈ থকা সদাব্যস্ত এই স্থাৱৰ সম্পদে এতিয়া মৃত্যুৰ ক্ষণ গণিছে। এসময়ত শাসক ,প্ৰশাসকৰ দিবা-নৈশ আগমনত গিজগিজাই থকা এইটো চৰকাৰী সম্পদ এতিয়া পতিত হৈছে ভূত বঙলালৈ। তথাকথিত আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বুলি গলফুলাই চিঞৰি অহা গেৰুৱা দলৰ বিধায়ক নৱ কুমাৰ দলেৰ দৃষ্টি নপৰা এই সম্পদ এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ।

Advertisment

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত পূৰ্বৰ গড়কাপ্তানী বিভাগৰ ডাক বঙলাটোৰ এনে নিঃশেষ প্ৰায় অৱস্থাই সচেতন নাগৰিকক চিন্তিত কৰি আহিছে। সংগৃহীত তথ্য অনুসৰি, বৰ্তমানৰ ঢকুৱাখনা লোকনিৰ্মান বিভাগৰ অধীনৰ ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথৰ দাঁতিত প্ৰায় ১৯৬৯ চনতে গড়কাপ্তানী বিভাগৰ ডাক বঙলাতো নিৰ্মান কৰা হৈছিল। ঢকুৱাখনা ৰাজহ চক্ৰৰ কোঁৱৰ ঘাহি মেপৰ দাগ নম্বৰ ১২৫৮ আৰু ১২৩৮ ৰ প্ৰায়  ৩বিঘা ২ কঠা ১৬লোছা মাটি কালিত তেতিয়াৰ দিনৰ সৰ্বোন্নত পদ্ধতিৰে নিৰ্মান কৰা হৈছিল বিশাল অবয়বৰ বঙলাতো। বিভাগৰ নিজা ভূখণ্ডত নিৰ্মিত এই বিভাগীয় বঙলাটোত তদানীন্তন মন্ত্ৰী,বিধায়ক, সাংসদকে প্ৰমুখ্য কৰি ৰজাঘৰীয়া প্ৰজাঘৰীয়াই আশ্ৰয় লৈছিল। পৰৱৰ্তী সময়ত ঢকুৱাখনা মহকুমা ঘোষণাৰ পাছত কেইবাগৰাকী মহকুমাধিপতিৰ চৰকাৰী বাসগৃহ হিচাবে বহু বছৰ ব্যৱহৃত হৈ আহিছিল সুদৃশ্য বঙলাটো। কেৱল ইমানেই নহয়, ঢকুৱাখনাবাসীক নগৰীকৰণৰ সোৱাদ দিবলৈ এইটো বঙলাৰ পৰাই ৪টা ৱাৰ্ডযুক্ত ঢকুৱাখনা নগৰ সমিতিখন পৰিচালিত হৈছিল। ঢকুৱাখনা নগৰ সমিতিয়ে পৌৰসভালৈ উন্নীত হোৱাৰ পাছত নিজস্ব কাৰ্য্যালয় নিৰ্মাণ নোহোৱা পৰ্যন্ত এইটো বঙলাই আশ্ৰয় দিছিল পৌৰসভাক। 

পিছে ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ কৰি সীমাহীন উত্থান-পতনৰ সাক্ষী হৈ থিয় দি থকা পুৰণি নিৰ্মানশৈলী বিশিষ্ট এইটো ডাক বঙলা এতিয়া উপেক্ষিত ,অনাদৃত, অৱহেলিত। কি সমজিলা প্ৰশাসন, কি আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বিধায়ক নৱ দলে, কি লোকনিৰ্মান বিভাগ কাৰোৰে গুৰুত্ব নাই মৃত্যুমুখী এই চৰকাৰী গৃহটো সংৰক্ষণ কিম্বা নিকাকৰণ আৰু সক্ৰিয়কৰণৰ। পৰিণতিত এতিয়া এই পৌৰাণিক ঢকুৱাখনাৰ অন্যতম সাক্ষী এই গৃহটোৰ হৈছে শ্মশানযাত্ৰা। এফালৰ পৰা বৃহৎ বঙলাটো জহি খহি নিঃশেষ হৈ গৈছে। বঙলাটোৰ প্ৰায় সংখ্যক দুৱাৰ খিৰিকী, আচবাব, চিলিং, বাৰাণ্ডা, খুঁটা, বেৰ বিনষ্ট হবলৈ ধৰিছে।

তদানীন্তন লোকসভাৰ সাংসদ ডঃ ৰাণী নৰহে সমষ্টি উন্নয়ন পুঁজিৰে বঙলাটোৰ এটা অংশ সম্প্ৰসাৰণ কৰি দুটা অতিৰিক্ত পকী কোঠা নিৰ্মান কৰি দিছিল। কঢ়া আৰু চাৰিকড়ীয়া নামেৰে দুটা সকলো সা সুবিধা বিশিষ্ট কোঠা নিৰ্মান কৰা হৈছিল। কিন্তু ইয়াৰ পাছৰে পৰা এই চৰকাৰী সম্পদৰ প্ৰতি গুৰুত্ব নোহোৱা হল ৰজাঘৰীয়াৰ। বঙলাটোৰ দাঁতিতে এটা অতিৰিক্ত আৱৰ্ত ভৱন নিৰ্মান, সমজিলা প্ৰশাসনৰ কাৰ্য্যালয়ৰ দাঁতিত আৱৰ্ত ভৱন নিৰ্মাণৰ পাছতেই এৰাবাৰীলৈ পৰিণত হ'ল এই বঙলাতো । সমান্তৰালভাৱে লোকনিৰ্মান বিভাগৰ সমগ্ৰ মাটিকালিত অবৈধ দখলৰ পৰম্পৰা গঢ়ি উঠিল। ঢকুৱাখনাৰ ইতিহাস জিলিকাই অহা এই চৰকাৰী সম্পদৰ নামত আবন্তিত এলেকা সম্প্ৰতি ব্যৱহৃত হৈছে পৌৰ নিগমৰ অনাময় ব্যৱস্থা নিকা কৰা শোষক যন্ত্ৰ , অব্যৱহৃত ট্ৰেক্টৰৰ ট্রেইলাৰ আদিৰে। কেৱল সেয়ে নহয়, স্বচ্ছ ভাৰত অভিযানৰ স্পৰ্শ নপৰা এই এলেকা পৰিত্যক্ত, পুতি গন্ধময় অৱস্থালৈহে গতি কৰিছে। গছৰ পাত, জাবৰৰ দমে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰা এই ডাক বঙলা চৌহদৰ প্ৰতি ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰিলে অচিৰেই এই চৰকাৰী বঙলাতো ভূত প্ৰেত আৰু বনৰীয়া জীৱ জন্তুৰ আশ্ৰয় থলী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান সংমণ্ডলে নিজস্ব এই চৰকাৰী বঙলাতো তাৎক্ষণিক মেৰামতি কৰি অথবা নতুনকৈ অত্যাধুনিক সা সুবিধা বিশিষ্ট কৰি নিৰ্মাণত গুৰুত্ব দিয়াটো ঢকুৱাখনাবাসীৰ কাম্য। ইয়াৰোপৰি ঢকুৱাখনা লোকনিৰ্মান বিভাগৰ বিপৰীতে আবন্তিত সংমণ্ডলতোৰ বিভিন্ন স্থানৰ ভূমি বেদখল মুক্ত কৰি ইয়াৰ  সংৰক্ষণ আৰু সদব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উথাপিত হৈছে। অন্যথাই সংমণ্ডলতোৰ বিপৰীতে সমজিলাখনৰ বিভিন্ন স্থানত আবন্তিত ভূমি বেদখলকাৰীৰ  স্থায়ী গ্ৰাসত নিমৰ্জিত হোৱাৰেই সম্ভাৱনা অধিক। ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত ক্ষীপ্ৰ তৎপৰতা ঢকুৱাখনাবাসীয়ে দাবী জনাইছে।

 

ঢকুৱাখনা DHOKUAKHANA