ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক অধিবেশন…

অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ আতিথ্যত ঢকুৱাখনা নগৰৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৫৫ সংখ্যক ৰাজ্যিক অধিবেশনখন অনুষ্ঠিত হৈছে

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক অধিবেশন

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ আতিথ্যত ঢকুৱাখনা নগৰৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৫৫ সংখ্যক ৰাজ্যিক অধিবেশনখন অনুষ্ঠিত হৈছে। শনিবাৰে অধিবেশনৰ দ্বিতীয় দিনা স্বাস্থ্য সজাগতা অনুষ্ঠানৰ পাছতে মুগা শিল্পৰ সন্দৰ্ভত এক মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয় । 

Advertisment

অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু ৰেচম পালক প্ৰমোদ দত্তই উদ্বোধন কৰা আলোচনাৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ইন্দিবৰ বুঢ়াগোহাঞিয়ে । আলোচক হিচাপে অংশগ্ৰহণ কৰে ৰেচম বিজ্ঞানী ড০ সোমেন্দ্ৰ নাথ বুঢ়াগোহাঁই আৰু ড০ কাৰ্ত্তিক নেওগে । 

শিক্ষাৰ্থীসকলৰ একাংশ

ইয়াৰ পাছতে অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা অধিবেশনৰ ইন্দিবৰ বুঢ়াগোঁহাইৰ সম্পাদনাত প্ৰকাশ কৰা ২৫২ পৃষ্ঠাৰ স্মাৰক গ্ৰন্থ " বীক্ষণ" উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্য সাধক অমিয় কুমাৰ সন্দিকৈয়ে। এই অনুষ্ঠানতেই "বিজ্ঞান জেউতি" উন্মোচন কৰে অমিয়া ৰাজবংশীয়ে ।

আনহাতে বিয়লি "বন্যপ্ৰাণী সংৰক্ষণ আৰু আমাৰ কৰণীয়" শীর্ষক আলোচনাচক্ৰত বন বিষয়া প্ৰাঞ্জল বৰুৱাই অংশগ্ৰহণ কৰে । বিজ্ঞান সমিতিৰ কেইবা শতাধিক প্ৰতিনিধি আৰু শিক্ষাব্ৰতী ৰাইজ উপস্থিত থকা সভাত শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগু উপস্থিত হৈ বিশিষ্ট অতিথি হিচাপে চমু বক্তব্য আগবঢ়ায়। 

মন্ত্ৰীগৰাকীয়ে কয়- একবিংশ শতিকাত সমাজৰ এটা পুৰণিকলিয়া ধাৰণা সলনি হৈ গ’ল । অতীজৰ চহী মাৰিব পৰা আৰু টিপচহী মৰাৰ মাজত সীমাবদ্ধ থকা স্বাক্ষৰতাৰ ধাৰণা একবিংশ শতিকাত সম্পূৰ্ণ সলনি হৈ যোৱা বুলি কৈ প্ৰতিগৰাকী ব্যক্তি বিজ্ঞান মনস্ক আৰু বৈজ্ঞানিক চিন্তা ধাৰণাৰে পৰিপুষ্ট হোৱাৰ বাবে শৈক্ষিক জগতখনৰো বৈপ্লৱিক পৰিবৰ্তন আহি পৰা বুলি কয় । 

উপস্থিত ৰাইজৰ একাংশ

ডা০ পেগুৱে অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান শিক্ষাৰ প্ৰসাৰ কৰা, জনমুখী কৰা আৰু এখন বিজ্ঞান মনস্ক সমাজ গঢ়াত আত্মনিয়োগ কৰি অহাৰ বাবে শলাগ লয় । তাৰোপৰি ৰাজ্যখনৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ বাবে আগ্ৰহী কৰি তুলিবলৈ এক পৰিকল্পিত কৰ্মসূচী গ্ৰহণ কৰা আৰু এই ক্ষেত্ৰত মনোনিবেশ কৰাৰ আহ্বান জনায় অসম বিজ্ঞান সমিতিক ।

ইফালে দেওবাৰে অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী বিজ্ঞানীসকলৰে অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট গৱেষক বিজ্ঞানী ড০ অৰূপ কুমাৰ মিশ্ৰ আৰু ড০ জয়দীপ বৰুৱা । ইয়াৰ পাছতে বিজ্ঞান সমিতিৰ সভাপতি ড০ ধীৰেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত বিশিষ্ট গৱেষক বিজ্ঞানী ড০ পংকজ ভৰালী, প্ৰবীণ শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশী, ড০ বুদ্ধিন্দ্ৰ বৰুৱা, ড০ অৱনী কুমাৰ ভাগৱতীৰ লগতে অসম চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী, আমোলা উপস্থিত থকাৰ কথা । 

ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক অধিবেশন

বিয়লি বিজ্ঞান সমিতিৰ বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। আনহাতে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অমল চন্দ্ৰ দত্ত, দেৱজিৎ ফুকন আৰু সম্পাদক পৰমানন্দ দত্তই অধিবেশনৰ অন্তিম দিনৰ সমূহ কাৰ্যসূচীত শিক্ষানুৰাগী ৰাইজৰ লগতে শিক্ষাৰ্থীসকলৰ উৎসাহপূৰ্ণ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।  

অন্যহাতে ঢকুৱাখনাত উপস্থিত হৈ কেবিনেট মন্ত্ৰী ডা০ পেগুৱে অসম গৌৰৱ বঁটাপ্ৰাপক বিশিষ্ট শগুন সংৰক্ষক ঢকুৱাখনা কঢ়া ঘাট নিবাসী ফুলেশ্বৰী দত্তৰ বাসগৃহত উপস্থিত হৈ গামোচাৰে সম্বৰ্ধনা জনায় ।

dhakuakhana dr ranoj pegu