/asomiyapratidin/media/media_files/2025/05/26/Jhiss5MVftH2o37J4Kx3.jpg)
ডিজিটেল সংবাদ, নাওবৈচা : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সৃষ্ট এক শৰণ হৰিনাম ধৰ্ম-সংস্কৃতিক উজনি অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে ওচৰৰ পৰা চিনাকি কৰি দিয়া শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষজনাৰ ৪৭৯ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ পঞ্চদশ মধ্যকালীন অধিবেশন লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ফুলবাৰী অঞ্চলত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে।
আবিৰ্ভাৱ মহোৎসৱ আৰু অধিবেশনৰ মূল মণ্ডপৰ সোমবাৰে পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়। গায়ন- বায়ন, আয়তীৰ উৰুলি ধ্বনিৰ মাজত আজি মাংগলিক পৰিৱেশত শ্ৰীশ্ৰী কালশিলা সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তই লাইখুঁটা স্থাপন কৰে।
শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি, অসমৰ সৌজন্যত লখিমপুৰ জিলাৰ ফুলবাৰী ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ আমন্ত্ৰণ আৰু আতিথ্যত ৬ আৰু ৭ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব আবিৰ্ভাৱ মহোৎসৱ আৰু মধ্যকালীন অধিবেশন। দুয়োটা অনুষ্ঠান সাফ্যমণ্ডিত কৰি তুলিবলৈ হেমচন্দ্ৰ মহন্তক সভাপতি, যতীন চন্দ্ৰ বৰুৱাক কাৰ্যকৰী সভাপতি, দিলীপ দত্ত আৰু তপন চলিহাক যুটীয়া সম্পাদক হিচাপে লৈ সাতখনকৈ উপ সমিতি গঠন কৰিছে।
আজিৰ লাইখুটা স্থাপন কাৰ্যসূচীত শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি, অসমৰ প্ৰধান সম্পাদক যোগেন্দ্ৰ নাথ শইকীয়া, ফুলবাৰী,ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি ধৰ্মেশ্বৰ বৰা সভাপতি, সম্পাদক প্ৰবীণ শইকীয়া, পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰা, নাট্যকৰ্মী ধন কুমাৰ দত্তকে ধৰি উদযাপন সমিতিৰ বিষয়ববীয়া, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।