সাহিত্য সভাৰ শিলচৰ অধিৱেশনৰ বাবে চৰকাৰক সহযোগিতাৰ আহ্বান...

৩ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত দেশ-বিদেশৰ ৫০০ৰো অধিক সদস্য-প্ৰতিনিধিৰ অংশগ্ৰহণত সমন্বয়ৰ সেতু গঢ়িবলৈ সংকল্পবদ্ধ অসম সাহিত্য সভা।অসম সাহিত্য সভাই উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
df

ডিজিটেল সংবাদ,বৰাকঃ  বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত সাহিত্য-সংস্কৃতিৰ দোলেৰে বান্ধিবৰ বাবে শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব ৷ ৯ মাৰ্চত যোৰহাটৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ প্ৰথমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শিলচৰত কাৰ্যনিৰ্বাহকৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

Advertisment

 এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত দেশ-বিদেশৰ পাঁচশৰো অধিক সদস্য-প্ৰতিনিধিৰ অংশগ্ৰহণত সমন্বয়ৰ সেতু গঢ়িবলৈ সংকল্পবদ্ধ হ’ব ৷ অসম সাহিত্য সভাই উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ইফালে কালি শিলচৰত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰসংগত জনোৱা আহ্বানক সঁহাৰি জনাই সভাই। আজি এক বিজ্ঞপ্তিত সভাপতি বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, বৰাকবাসী আৰু অসম চৰকাৰৰ সঁহাৰি পালে অসম সাহিত্য সভাই বৰাকত অধিৱেশন পাতিবলৈ সদায় প্ৰস্তুত আছে ৷ 

অন্যহাতে সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাক অসম সাহিত্য সভাৰ বিদ্যায়তনিক কেন্দ্ৰ 'প্ৰাচ্য বিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান'ৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে।

অসম সাহিত্য সভা
News Hub