২৬অক্টোবৰৰ পৰা ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱঃ লাইখুঁটা স্থাপন...

২৬অক্টোবৰৰ পৰা ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱঃ লাইখুঁটা স্থাপন...

author-image
Asomiya Pratidin
New Update
২৬অক্টোবৰৰ পৰা ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱঃ  লাইখুঁটা স্থাপন...

ডিজিটেল সংবাদ, ধেমাজিঃ নৱ প্ৰজন্মক গ্ৰন্হৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ উদ্দেশ্যে ইতিমধ্যে ধেমাজি জিলা ছাত্ৰ সন্থাই  দুবাৰকৈ ধেমাজিত গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰা পিছত ৰাইজ আৰু ছাত্ৰ- ছাত্ৰী সকলৰ সৰ্বাধিক সহাঁৰি  লাভ কৰা পিছত এইবাৰো ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশ আৰু বিক্ৰেতা সন্থাৰ সহযোগত তৃতীয় বাৰৰ বাবে ধেমাজি কাছাৰী ময়দানত কৰিবলৈ আয়োজন কৰিছে৷

Advertisment

অহা ২৬ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈকে ৯ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া তৃতীয় গ্ৰন্থ উৎসৱৰ বুধবাৰে আনুষ্ঠানিকভাৱে গায়ন-বায়ন আৰু মাংগলিক ৰীতি- নীতিৰে দুপৰীয়া ১২বজাত উদ্যোক্তা সকলে লাইখুঁটা স্থাপন কৰে ৷

অনুষ্ঠানত তৃতীয় গ্ৰন্থ উৎসৱ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড° দিপক বৰগোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা ,কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাক বিকাশ মিছং,  সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা , অৱসৰপ্ৰাপ্ত শিক্ষক ৰঘু কলিতা, অধ্যাপক তথা বিশিষ্ট লিখক দিগন্ত কাকতি, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা ,প্ৰাক্তন আছু বিষয়ববীয়া দ্বয় মনোজ বুঢ়াগোহাঁই আৰু প্ৰদীপ কলিতাই ৷

বৰ্তমানলৈকে পঞ্চাশ খনতকৈ অধিক গ্ৰন্থ বিপনীয়ে ইতিমধ্যে অহা নিশ্চিত প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে আটাইকেইটা দিনৰ কাৰ্য্যসূচীতে অসমৰ ভালে কেইগৰাকী লেখক লেখিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকিব ৷

উদ্যোক্তা তথা ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু  সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে জনোৱা মতে ৯দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে  অনুষ্ঠিত কৰিবলৈ লোৱা তৃতীয় গ্ৰন্থ উৎসৱৰ প্ৰতিটো দিনতে আৰু প্ৰত্যেটো অনুষ্ঠানতে সকলোৰে সহায়-সহযোগিতা আৰু সু-দিহা পৰামৰ্শ কামনা কৰিছে ৷

Also Read: দেশৰ উন্নতিত উত্তৰ-পূবৰ অৱদান অপৰিসীমঃ মেঘালয়ৰ দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন উপ ৰাষ্ট্ৰপতিৰ...

ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱ