/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/71y4jrt2/d2dd937d-5fff-4a77-be21-24185c87656f.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা প্ৰয়োজন যে, দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়লৈ আহিছে দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/dnc518fx/2e7b89db-e31d-4531-9511-d2659bd55ee8.jpg)
শ্বিলঙত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান উত্তৰ-পূব যথেষ্ট আগবাঢ়ি হৈছে। উত্তৰ পূবৰ ঐক্য, অৰ্থনৈতিক প্ৰগতি আৰু জাতিৰ সাংস্কৃতিক সত্তাৰ লগতে বিভিন্নন ক্ষেত্ৰক প্ৰশংসা কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ লগতে কয়, উত্তৰ পূবক দেশৰ অতি গুৰুত্বপূৰ্ণ অংশ। লুক ইষ্ট নীতিৰ জৰিয়তে এই অঞ্চলটোৰ যোগাযোগ, ব্যৱসায়-বাণিজ্যকে ধৰি সৰ্বতো দিশতে দ্ৰুত উন্নয়ন সাধন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/6cz489e1/4f91cc39-ef20-4df5-bb40-4a86c50d486f.jpg)
অনুষ্ঠানটোত প্ৰদান কৰা বক্তব্যৰ প্ৰসংগত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে জাতিৰ প্ৰতি এগৰাকী নাগৰিকৰ থাকিব লগা দায়ৱদ্ধতাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰো। অজ্ঞানতা আঁতৰাই পোহৰৰ দিশে গতি কৰিবলৈ বাস্তৱিক এক নীতিৰে চলিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়- ভাৰতত শেহতীয়াকৈ ভিন্ন দিশত বহু উত্থান ঘটিছে। এই উত্থানক অপ্ৰতিৰোধ্য কৰি তুলিবলৈ আমি সকলোৱে গুৰুত্ব দিব লাগিব। ২০৪৭ৰ ভিতৰত ভাৰত এক উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত দেশৰ যুৱক-যুৱতীসকল গুৰুত্বপূৰ্ণ অংশীদাৰ হব বুলিও দৃঢ়তা প্ৰকাশ কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/fqbfv5do/dc29c516-4d82-42f3-85b3-988a4f94f8e2.jpg)
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত উপস্থিত আছিল মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়াশংকৰ, মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেবিনেট মন্ত্ৰী ড০ মেজেল আম্পাৰিনলিংডোহ, মেঘালয় চৰকাৰৰ মুখ্য সচিব ড’নাল্ড ফিলিপছ ৱাহলাঙকে আদি কৰি বহুসংখ্যক বিশিষ্ট লোক। মেঘালয়ৰ দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষতা আৰু উদ্ভাৱন সম্পৰ্কীয় বিষয়টো মননশীল বক্তব্য দাঙি ধৰে। তেওঁ কয়- মানুহৰ দক্ষতা উদ্ভাৱন বা আৱিষ্কাৰ নহয়। ই হৈছে আমি পৰিস্থিতি আৰু পৰিৱেশৰ সৈতে অনুকূলভাৱে চলিব পৰাকৈ এক গুৰুত্বপূৰ্ণ সমল। এই ক্ষেত্ৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আগন্তুক ৫বছৰৰ ভিতৰত দক্ষতা বিকাশ মন্ত্ৰালয়ৰ জৰিয়তে গাওঁ-চহৰৰ ৫লাখ যুৱক-যুৱতীক ইৰ্টানশ্বিপ প্ৰদান কৰি ইয়াৰ বাবে কমেও ৬০হাজাৰ কোটি টকা ধাৰ্য কৰাৰ পোষকতা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/va9ycggw/8709042a-eb6a-4279-9266-428b856e8fd0.jpg)
বক্তব্যৰ প্ৰসংগত মেঘালয়ৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰশংসা কৰিবলৈও নাপাহৰিলে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। মেঘালয়ৰ প্ৰাকৃতিক পৰিৱেশৰ বিৱৰণ দিবলৈ গৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভাৰতত যদি স্বৰ্গ আছে, তেন্তে তাৰ আত্মাটো আছে মেঘালয়ত। প্ৰকৃতিয়ে মেঘালয়ক সকলো দিছে। এই উপহাৰক আমি সদব্যৱহাৰ কৰিব লাগিব। মেঘালয়ৰ অৰ্থনীতিৰ ইঞ্জিন কেৱল পৰ্যটনৰ দ্বাৰা পৰিচালিত হব লাগে বুলিও কয় উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। প্ৰাকৃতিক সম্পদক কেনেকৈ সদব্যৱহাৰ কৰিব লাগে তাৰ বাবে উপযুক্ত মানৱ সম্পদ সৃষ্টি কৰি ইয়াৰ সফল প্ৰয়োগ কৰিব লাগে বুলি মতপোষণ কৰে তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/dvjed8hp/d2842694-5aa7-49c8-b478-fe1616affda2.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়লৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় বুধবাৰে পুৱা আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি। এখন বিশেষ বিমানেৰে দিল্লীৰ পৰা অহা উপ-ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/bwyrmvab/38091679-2f27-4a7b-8a50-8cc03fcfb831.jpg)
এই ভ্ৰমণত তেওঁ মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰখনত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কেইবাটাও স্থান পৰিদৰ্শন কৰিব। তাৰ ভিতৰত আৰৱা কেভ, নহকালিকাই ফলছ, ছেভেন ছিষ্টাৰ ফলছো আছে। তাৰোপৰি তেওঁ আন কেইবাটাও নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।