ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি- বাৰ্ষিক অধিৱেশনখনি ডিফুস্থিত ৰাংছিনা ভৱনত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয় । এই অধিৱেশনখনত পুৰণি সমিতিখন ভংগ কৰি ছাৰ এৎ হাঞ্চেক সভাপতি আৰু কৌস্তভ খাউণ্ডক সম্পাদক হিচাপে লৈ নতুনকৈ কাৰ্বি আংলং জিলা কবি সন্মিলনখন গঠন কৰা হয় ।
আনহাতে অধিৱেশনৰ লগত সংগতি ৰাখি ছাৰ এৎ হাঞ্চেৰ সঞ্চালনাত মুকলি সভা আৰু কবি সন্মিলন অনুষ্ঠিত কৰা হয় । কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ৩ কুৰিজনকৈ অধিক বিশিষ্ট কবিয়ে কবিতা পাঠ কৰে ।
উল্লেখযোগ্য যে এই অধিৱেশনতে কবি সাহিত্যিক এজাং ৰাজ ৰাজৰ দুখনকৈ কাব্যগ্ৰন্থ 'অৰণ্য' আৰু 'ধূলিয়ৰি বাটৰ খোজ ' উন্মোচন কৰা হয়। উন্মোচন কৰে ক্ৰমে গীতা হাঞ্চেপি আৰু বাৰিম ইংতিয়ে ।
আনহাতে এই অনুষ্ঠানতে 'হিৰজিৰ' কাব্যাআলোচনী উন্মোচন কৰে ছাৰ এৎ হাঞ্চেই । এই অনুষ্ঠানতে ষাঠিৰ উৰ্ধৰ ৮ জন বিশিষ্ট কবিসকলৰ উপৰিও ৫০ অনুৰ্ধ্বৰ ৫ যুৱ কবিকো সম্বৰ্ধনা জনোৱা হয় । ইপিনে কবি সাহিত্যিক ছাৰ এৎ হাঞ্চেক অসম চৰকাৰে সাহিত্য বঁটা আৰু সদৌ অসম কবি সন্মিলনৰ কাব্যপ্ৰাণ বঁটা লাভ কৰাৰ বাবে জিলা কবি সন্মিলনে তেওঁক অভিনন্দন পত্ৰ প্ৰদান কৰে ।