অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'

বঁটা প্ৰদান কৰিলে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক , প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাজ্যখনৰ এক অৰাজনৈতিক আৰু সামাজিক সংগঠন ধনশিৰি গণ মঞ্চই গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক ২০২৪ বৰ্ষৰ গণ সাংবাদিকতা বঁটা‌ আগবঢ়ায় ৷

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৰ সভাপতিগৰাকীয়ে জনায় যে, সংবাদ সেৱাৰ সৈতে জড়িত আৰু ৰাইজৰ ওচৰত দায়বদ্ধ আপোচহীন সাংবাদিকতাত উৎসৰ্গিত ৰাজ্যখনৰ নিৰ্বাচিত সাংবাদিকসকলক প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰাৰ‌ কথা ঘোষণা কৰিছিল ধনিশিৰি গণ মঞ্চৰ সভাপতি‌ ৰাজীৱ শইকীয়াই ৷ সেই সিদ্ধান্তমৰ্মে আজি সাংবাদিক বিকাশ শৰ্মাক তেখেতৰ গোলাঘাট নগৰস্থিত বাসভৱনত এই বঁটা প্ৰদান কৰা হয়৷

এই বঁটা প্ৰদান কৰে গোলাঘাট জিলাৰ বিশিষ্ট সাংবাদিক, প্ৰকৃতিবিদ তথা সমাজকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। গণ সাংবাদিকতা বঁটাত আছে এখন প্ৰশংসা পত্ৰ, গামোচা, চেলেং আৰু নগদ দহ হাজাৰ টকা। এক গম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত বিকাশ‌ শৰ্মাৰ পিতৃ হেমকান্ত শৰ্মা , ভাতৃ প্ৰকাশ শৰ্মা , পত্নী গায়ত্ৰী শৰ্মা , পুত্ৰ অংকুৰ শৰ্মা আৰু পৰিয়াল বৰ্গৰ উপস্থিতিত বঁটাটি প্ৰদান কৰা হয় ।

এই অনুষ্ঠানত ধনশিৰি গণ মঞ্চৰ সভাপতি ৰাজীৱ শইকীয়া , গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ , উপ সভাপতি সপোন তামুলী সম্পাদক গিৰিণ বৰা , নাট্যকৰ্মী সুনিল ৰাজগুৰু , বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰ , ধনশিৰি গণ মঞ্চৰ পৱিত্ৰ বৰা , অবিনাশ শৰ্মা , উদয় বৰা , ৰিকি ডে , প্ৰদীপ গগৈ , ভাস্কৰ ৰাজগুৰু , জুমকা কলাকেন্দ্ৰৰ পৱন শইকীয়াৰ দৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ইয়াৰোপৰি এই বঁটা প্ৰদান অনুষ্ঠানৰ মাজতে বিকাশ শৰ্মাক গোলাঘাটৰ জুমকা কলাকেন্দ্ৰৰ তৰফৰ পৰাও উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বঁটা গ্ৰহণ কৰি বঁটা প্ৰাপক জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা আৱেগিক হৈ পৰে। অসুস্থতাৰ মাজতো সংবাদ সেৱাৰ লগতে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা সাংবাদিক গৰাকীৰ এই সময়ছোৱাত ৰাইজ তথা , বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনোৱা স্নেহ আৰু সম্বৰ্ধনাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Also Read: নগাঁৱত ব্ৰজপাত পৰি দুজনৰ মৃত্যু...

golaghat bikash sarma