/asomiyapratidin/media/media_files/2025/05/13/VssIRmzyXzFHBSe1vHGT.jpg)
সদৌ অসম আহোম সভাৰ ১৩৩ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন
ডিজিটেল সংবাদ, গুৱাহাটী : জৱাহৰ নগৰ খানাপাৰাস্থিত 'ইউনিফাইড কাৰাটে গিল্ড' কার্যালয়ত 'সদৌ অসম আহোম সভা'ৰ বৃহত্তৰ কামৰূপ জিলা সমিতি'ৰ উদ্যোগত ঐতিহাসিক সংগঠনটোৰ ১৩৩সংখ্যক প্রতিষ্ঠা দিৱস সফলতাৰে উদযাপন কৰে। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁঞি বৰুৱাই প্ৰতিষ্ঠা কৰা 'সদৌ অসম আহোম সভা' অসমৰ আটাইতকৈ পুৰণি সমাজ-সাংস্কৃতিক সংগঠন।
আহোম জাতিৰ চহকী কৃষ্টি, পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য, কীর্তিচিহ্ন আদি সংৰক্ষণ তথা আর্থ-সামাজিক উন্নয়নৰ লক্ষ্য লৈ প্রতিষ্ঠিত এই সংগঠনটোৱে বৃহত্তৰ অসমীয়া সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানটিত বহু বিশিষ্ট অতিথিৰ উপৰিও প্ৰসিদ্ধ গৱেষক আৰু বুৰজীবিদ পদ্মশ্রী ড° যোগেন্দ্ৰনাথ ফুকন আৰু অৱসৰপ্ৰান্ত লেফটেনেন্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীয়ে সক্রিয় অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ড০ ফুকনৰ 'চাও -লুং চ্যু-কা-ফা-ৰ অসম আগমণৰ পথ-পৰিক্ৰমা (খৃষ্টাব্দ ১২১৫-১২২৮) আৰু আহোম ৰাজত্বৰ পাতনি' শীর্ষক এটি ঐতিহাসিক তথ্য ভিত্তিক আৰু অধ্যয়নপুষ্ট বক্তৃতা। আহোম সভাৰ বৃহত্তৰ কামৰূপ জিলা সমিতিয়ে 'চাও লুঙ চ্যু-কা-ফাৰ এই পথ পৰিক্ৰমাৰ এটি ডিজিটেল ৰূপত প্ৰকাশ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে এই প্ৰচেষ্টাত সকলো শুভাকাংশী ৰাইজৰ সহযোগিতা আহ্বান কৰে।
এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত জিলা সমিতিয়ে বিগত বৰ্ষৰ কাৰ্য্যাৱলীৰ বিস্তাৰিত পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনৰ লক্ষ্য আৰু পৰিকল্পনাও প্রকাশ কৰে। সভাই বৃহত্তৰ অসমীয়া সমাজৰ লগতে আহোম সম্প্রদায়ৰ সকলো শ্ৰেণীৰ লোকৰ বৌদ্ধিক বিকাশৰ বাবে গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত বিভিন্ন পৰিকল্পনাৰ আভাস দিয়ে।