১২৫কোটিঃ টীম ইণ্ডিয়াৰ কোনে পাব কিমান টকা...

১২৫কোটিঃ টীম ইণ্ডিয়াৰ কোনে পাব কিমান টকা...

author-image
Asomiya Pratidin
New Update
১২৫কোটিঃ টীম ইণ্ডিয়াৰ কোনে পাব কিমান টকা...

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰি স্বদেশলৈ উভতি আহিল টীম ইণ্ডিয়া। মুম্বাইত দলটোৰ প্ৰতিগৰাকী সদস্যক বৃহস্পতিবাৰে বিপুল আদৰণি জনালে ক্ৰীড়ানুৰাগীসকলে। এই বিশেষ অনুষ্ঠানতে টীম ইণ্ডিয়াক বি চি চি আয়ে প্ৰদান কৰিলে ১২৫কোটি টকাৰ চেক।

Advertisment

এই ১২৫কোটি টকাৰ চেক গ্ৰহণ কৰিলে টীম ইণ্ডিয়াৰ কেপ্তইন ৰোহিত শৰ্মাই। পুৰস্কাৰ হিচাপে লাভ কৰা এই বিশাল ধনৰাশি ভাগ কোনে কিমানকৈ পাব আপুনি জানেনে! ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, টীম ইণ্ডিয়াৰ প্ৰায় ৩০গৰাকী লোকৰ মাজত ভাগ হব এই ১২৫কোটি টকা।

টীম ইণ্ডিয়াৰ ১৫গৰাকী খেলুৱৈ আৰু অন্য ১৫গৰাকী কৰ্মকতাৰ মাজত ভগাই দিয়া হব এই ধনৰাশি। ১৫গৰাকী খেলুৱৈক ৫কোটিকৈ আৰু ৪গৰাকী ৰিজাৰ্ভ খেলুৱৈ, ষ্টাৰ্ফ মেম্বাৰক প্ৰদান কৰা হব ১কোটিকৈ টকা। অৱশ্যে এয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰহে। এই ধন ভাগ-বিতৰণক লৈ টীম ইণ্ডিয়াই কোনো তথ্য ৰাজহুৱা কৰা নাই।

টি ২০ বিশ্বকাপ