থাইলেণ্ডত দুদিনঃ কি কি কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ...

৩এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। থাইলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ষষ্ঠ সংখ্যক BIMSTEC সন্মিলনত অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
thailanf
ডিজিটেল ডেস্কঃ ৩এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। থাইলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ষষ্ঠ সংখ্যক BIMSTEC সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে থাইলেণ্ড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণকালত ভাৰত আৰু থাইলেণ্ডৰ মাজত বাণিজ্যিক সহযোগিতা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰা হৈছে।
Advertisment
আজিৰ প্ৰথমদিনটোত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহিব মোডী। দ্বিপাক্ষিক এই বৈঠকত দুয়োখন দেশৰ মাজত ভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হব। ৪এপ্ৰিলত ষষ্ঠ সংখ্যক BIMSTEC সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 
৪এপ্ৰিলত এই সন্মিলনত অংশ লোৱাৰ পূৰ্বে থাইলেণ্ডৰ বিখ্যাত বৌদ্ধ মন্দিৰো পৰিদৰ্শন কৰিব মোডীয়ে। থাইলেণ্ডৰ ৰজা-ৰাণীকো সাক্ষাত কৰাৰ সম্ভাৱনা আছে। আনহাতে কম সময়ৰ কাৰনে হলেও থাইলেণ্ডৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও এক বৈঠকত অংশ লব মোডীয়ে। 
নৰেন্দ্ৰ মোডী