ফুকেটৰ পৰা দিল্লীলৈ আহি থাকোতে ঘটিল ভয়ংকৰ ঘটনা...

কোনো অজ্ঞাত লোকৰ পৰা বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে থাইলেণ্ডত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে। থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি আছিল এআই-৩৭৯ নম্বৰৰ বিমান। বিমানখনত আছিল মুঠ ১৫৬ জন যাত্ৰী।

author-image
Asomiya Pratidin
New Update
থাইলেণ্ডত জৰুৰীকালীন অৱতৰণ

থাইলেণ্ডত জৰুৰীকালীন অৱতৰণ

ডিজিটেল ডেস্কঃ এইবাৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ'ল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো অজ্ঞাত লোকৰ পৰা বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে থাইলেণ্ডত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে।

Advertisment

খবৰ অনুসৰি, থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি আছিল এআই-৩৭৯ নম্বৰৰ বিমানখন। বিমানখনত আছিল মুঠ ১৫৬ জন যাত্ৰী। অৱশ্যে অৱতৰণৰ পাছতে বিমানখনৰ পৰা নিৰাপদে উলিয়াই অনা হয় যাত্ৰীসকলক।

থাইলেণ্ড বিমানবন্দৰৰ বিষয়াসকলে সদৰি কৰা অনুসৰি, শুকুৰবাৰে পুৱা ৯:৩০ বজাত ফুকেট বিমানবন্দৰৰ পৰা  দিল্লী অভিমুখে উৰা মাৰিছিল বিমানখনে। বিমানখন নিশা ১২:৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু আন্দামান সাগৰৰ চাৰিওফালে ঘূৰি ফুৰাৰ পিছত পুনৰ পুৱা ১১:৪০ বজাত ফুকেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। বিমানখনৰ জৰুৰী অৱতৰণৰ পিছত বিষয়াসকলে সমগ্ৰ বিমানখন খালী কৰি তদন্ত আৰম্ভ কৰে।

বিমান পৰিবহন বিমান বন্দৰ এয়াৰ ইণ্ডিয়া