তেজপুৰত বোৱাৰী নিৰুদ্দেশ: স্বামীয়ে মহিলাগৰাকীক হত্যা কৰা অভিযোগ ৰাইজৰ

তেজপুৰত বোৱাৰী নিৰুদ্দেশ: স্বামীয়ে মহিলাগৰাকীক হত্যা কৰা অভিযোগ ৰাইজৰ

author-image
Asomiya Pratidin
New Update
তেজপুৰত বোৱাৰী নিৰুদ্দেশ: স্বামীয়ে মহিলাগৰাকীক হত্যা কৰা অভিযোগ ৰাইজৰ

ডিজিটেল সংবাদ,তেজপুৰঃ এগৰাকী বোৱাৰীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি চৰম উত্তেজনাই বিৰাজ কৰিছে তেজপুৰ পৰ্বতীয়াৰ শাকৰ চুবৰীত৷ স্বামীয়েই পত্নীক হত্যা কৰি পুতি থোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

Advertisment

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, তেজপুৰ পৰ্বতীয়া শাকৰ চুবুৰীৰ সন্ধানহীন মহিলা মাধুৰিমা বৰাক স্বামী কল্যান বৰা ওৰফে কমল ওৰফে কলাই অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ পিতৃৰ অত্যাচাৰৰ পৰা তেওঁলোকৰ সন্তানটিয়ে মাতৃক ৰক্ষা কৰাৰ চেষ্টা চলাই যদিও বিফল হয়।

২৯ আগষ্টৰ পৰা মাধুৰিমা নিৰুদ্দেশ হৈ থকাৰ পিছত আজি স্থানীয় ৰাইজে ক’লাইৰ বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ শহুৰেককো জবাবদিহি কৰে স্থানীয় ৰাইজে৷

ক’লাই আৰু শহুৰেক যোগেনে মিলি মাধুৰিমাক হত্যা কৰি পুতি থোৱাৰ সন্দহ কৰিছে ৰাইজৰ ৷ ৰাইজৰ দাবী ক’লায়ে হত্যা কৰিছে পত্নীক ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক ক’লাই৷

Also Read: আম্বানী, আদানীয়ে দিব কোটিপতি হোৱাৰ টিপছঃ সাৱধান, ভুলতো নল'ব...

tezpur