/asomiyapratidin/media/media_files/2025/04/29/apISfnOuxYvoZM1pH1Qy.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ দিশ নিৰ্দেশনা অনুসৰি শিক্ষাখণ্ডৰ উদ্ভাৱনীমূলক পৰিৱৰ্তনৰ প্ৰতি অগ্ৰাধিকাৰ দি তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ বৰ্ষৰ পৰা আঠটা নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। এই সকলোবোৰ তথ্য মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে সদৰী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উক্ত সংবাদমেলত উপস্থিত থাকে পৰীক্ষা নিয়ন্ত্ৰক ড০ বীৰেণ দাস, অধ্যাপক দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, অধ্যাপক শংকৰ চন্দ্ৰ ডেকা, অধ্যাপক চন্দন গোস্বামী, অধ্যাপক চন্দন কুমাৰ শৰ্মা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক কুসুম কে বণিয়া, আৰু অধ্যাপক পবিত্ৰ নাথ।
ইয়াৰ ভিতৰত ডুৱেল ডিগ্ৰী বি.টেক.-এম.বি.এ. পাঠ্যক্ৰমটো বিশেষভাবে উল্লেখযোগ্য। ডুৱেল ডিগ্ৰী বি.টেক.-এম.বি.এ. (দ্বৈত স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম) পাঠ্যক্রমটো বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এনে এক সংহতপাঠ্যক্রম, য'ত ছাত্ৰ-ছাত্ৰী সকলেএকেলগে অভিযান্ত্ৰিক (ইঞ্জিনিয়াৰিং) আৰু ব্যৱস্থাপনা (মেনেজমেন্ট)শিক্ষা লাভ কৰিব।
উল্লেখযোগ্য যে, এইবৰ্ষত বিশ্ববিদ্যালয়ত আৰম্ভ কৰা নতুন পাঠ্যক্ৰমসমূহ হৈছে ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তিত স্নাতক পাঠ্যক্ৰম , সমাজতত্ব বিভাগত স্নাতক পাঠ্যক্ৰম, সৌৰ শক্তি অভিযান্ত্ৰিকত এম.টেক (স্নাতকোত্তৰ), উৎপাদন প্ৰযুক্তি আৰু স্বচালন প্ৰযুক্তিত এম.টেক (স্নাতকোত্তৰ), অনুবাদ অধ্যয়নত স্নাতকোত্তৰ, নৱীকৰণযোগ্য শক্তি আৰু শক্তি ব্যৱস্থাপনাত এক্সিকিউটিভ ডেভেলপমেন্ট প্ৰ'গ্ৰাম, আৰু বিত্তীয় বজাৰ অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ কৰা হব।
তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনৰ অধীনত প্ৰদান কৰা স্নাতক, স্নাতকোত্তৰ, পিএইচডি, ডিপ্লমা আৰু অন্যান্য পাঠ্যক্ৰম সমূহৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আবেদন কৰিব পাৰিব। বিশ্ববিদ্যালয় খনত বৰ্তমান সময়ত ৮৪টা পাঠ্যক্ৰম প্ৰদান কৰা হৈছে, পাঠ্যক্ৰমসমূহত ৰাষ্ট্রীয় শিক্ষানীতিৰ নিৰ্দেশনা আৰু সুযোগ সুবিধা সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
বিজ্ঞান, অভিযান্ত্ৰিক, মানৱিকী আৰু সমাজবিজ্ঞান, পৰিচালন বিজ্ঞানৰ দৰে বহুতো শাখাত আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰম বাছনি কৰিব পাৰে। তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, গেট-বি, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট- ২০২৫, জেইই মেইনছ, ডিজাইনৰ বাবে সাধাৰণ প্ৰৱেশিকা পৰীক্ষা, স্নাতক ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, ডিজাইন দক্ষতা পৰীক্ষা, ডিজাইনৰ স্নাতক সাধাৰণ প্ৰৱেশ পৰীক্ষা আদিৰ প্ৰৱেশ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিব।
ইয়াৰোপৰি, ৰাষ্ট্রীয় যোগ্যতা পৰীক্ষা,ৰাজ্যিক যোগ্যতা পৰীক্ষা আৰু গেটৰ নম্বৰৰ ভিত্তিতো ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিব।পাঠ্যক্ৰমৰ সবিশেষ বিৱৰণ, অৰ্হতা আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পৰ্কে অধিক তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰোৱা হৈছে https://www.tezu.ernet.in/academic/admission2025/ বিশ্ববিদ্যালয়খনে আগন্তুক প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰত সম্ভাব্য ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আৰু নিৰ্দেশনা দিয়াৰ বাবে হেল্পলাইন নম্বৰৰ যোগে সহায়তা আগবঢ়াইছে।
উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ অনলাইন আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২০২৫ চনৰ ১০মে'। তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৫ চনৰ ৬-৮জুনৰ ভিতৰত অনুষ্ঠিত হ'ব। দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মাচুলৰ ক্ষেত্ৰত কিছু ৰেহাই ঘোষণা কৰা হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই নামভৰ্তি প্ৰক্ৰিয়াই ছাত্ৰ-ছাত্ৰী সকলক এক বৃত্তিমুখী, বহুমুখী আৰু গতিশীল শিক্ষাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।