/asomiyapratidin/media/media_files/2025/02/05/iWU4ClLAfbsAzT0gqD1r.jpg)
ডিজিটেল ডেস্কঃ অসম চুক্তিৰ অধীনত প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে তিনিটা দশক অতিক্ৰম কৰিলে। এই তিনিটা দশকত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষ্য বহন কৰি ৰাজ্যখনৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশত গুৰুত্বপুৰ্ণ ভুমিকা বহন কৰি আহিছে। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এক বিশেষ সুনাম আছে।
সাম্প্ৰতিক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে কাৰ্যৰত হৈ আছে প্ৰফেচৰ শম্ভূনাথ সিং। কিন্তু তেখেতৰ কাৰ্যকালত লোৱা একাধিক বিতৰ্কিত সিদ্ধান্তই বিশ্ববিদ্যালয় খনৰ গৰিমাত চেকা লগোৱা বুলি অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি নিয়মবহির্ভূত নিযুক্তি প্রক্ৰিয়াৰ বাবে উপাচাৰ্যজন অতি সিদ্ধহস্ত। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাবলী ভংগ কৰি কাৰ্যবাহী অভিযন্তাৰ নিযুক্তি তেখেতে সম্পন্ন কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি কাৰ্যবাহী অভিযন্তা পদৰ বাবে প্রত্যক্ষ নিযুক্তি প্রক্ৰিয়া সম্পন্ন কৰিব লাগে যদিও সুসম্পৰ্কৰ সুবাদত এজন সহকাৰী অভিযন্তাক পদোন্নতি প্রদান কৰিছে উপাচাৰ্য গৰাকীয়ে।
এই কথা তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী অভিযন্তা নিযুক্তিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সুস্পষ্ট নিৰ্দেশনা আছে যে প্রত্যক্ষ নিযুক্তি প্রক্ৰিয়া সম্পন্ন কৰিব লাগে তথা প্রার্থীজন অভিযান্ত্ৰিক বিজ্ঞানত প্রথম শ্রেণীৰ স্নাতক ডিগ্ৰীধাৰী হব লাগে।
তাকে নকৰি বিভাগীয় পদোন্নতি সমিতিৰ জৰিয়তে পদোন্নতি প্রদান কৰি এজন যোগ্যতাবিহীন লোকক বিশ্ববিদ্যালয় কাৰ্যবাহী অভিযন্তাৰ দায়িত্ব প্রদান কৰা বুলি অভিযোগ উত্থাপন হৈছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে উক্ত ব্যক্তিগৰাকী মুক্ত বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সুস্পষ্ট নিৰ্দেশনা অনুসৰি মুক্ত বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিজ্ঞানত স্নাতক ডিগ্ৰী এক নিষিদ্ধ কাৰ্যক্ৰম।
সেয়ে এই সন্দৰ্ভত অসমৰ ৰাজ্যপালক পত্ৰৰ জৰিয়তে অভিযোগ দাখিল কৰে একাংশই। ৰাজ্যখনৰ এখন উচ্চ পৰ্যায়ৰ শিক্ষানুস্থানৰ এনে দুৰৱস্থাত ৰাজ্যপালৰ সক্রিয় ভূমিকাই বিশ্ববিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি সাধিব আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্থান আগন্তুক দিনত অধিক উৰ্ধগামী হব বুলিও পত্ৰত উল্লেখ কৰে।