ছবি নিৰ্মাণ কৰিবলৈ ভাড়ালৈ কেমেৰা আনি বিক্ৰী কৰি দিয়া প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...

চুটি ছবি নিৰ্মাণৰ বাবে কেমেৰা ভাড়ালৈ নি বিক্ৰী কৰি দিয়া এটা প্ৰৱঞ্চক পৰিছে তেজপুৰ আৰক্ষীৰ জালত। তেজপুৰ আৰক্ষীয়ে শিৱসাগৰৰ পৰা গেপ্তাৰ কৰা এই প্ৰৱঞ্চকটোৰ নাম ৰক্তিম ৰঞ্জন শইকীয়া। 

author-image
Asomiya Pratidin
New Update
ছবি নিৰ্মাণ কৰিবলৈ ভাড়ালৈ কেমেৰা আনি বিক্ৰী কৰি দিয়া প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ তেজপুৰঃ চুটি ছবি নিৰ্মাণৰ বাবে কেমেৰা ভাড়ালৈ নি বিক্ৰী কৰি দিয়া এটা প্ৰৱঞ্চক পৰিছে তেজপুৰ আৰক্ষীৰ জালত। তেজপুৰ আৰক্ষীয়ে শিৱসাগৰৰ পৰা গেপ্তাৰ কৰা এই প্ৰৱঞ্চকটোৰ নাম ৰক্তিম ৰঞ্জন শইকীয়া। 

Advertisment

তেজপুৰৰ ডেকাৰগাঁৱৰ ৰুকু শইকীয়াৰ পুত্ৰ ৰক্তিমে চুটি ছবি নিৰ্মাণৰ নামত তেজপুৰৰ কেইবাজনো যুৱকক প্ৰৱঞ্চনা কৰি বিগত কেইবামাহ ধৰি পলায়ন কৰি আছিল। উল্লেখ্য যে, ৰক্তিম ৰঞ্জন শইকীয়া নামৰ দবাবাজ প্ৰৱঞ্চকটোৱে আজিৰ পৰা কিছু মাহৰ পূৰ্বে যোৱা ডিচেম্বৰ মাহত তেজপুৰৰে কেইজনমান যুৱকৰ পৰা চুটি ছবি নিৰ্মাণৰ নামত মুঠ ৯ টাকৈ কেমেৰা ভাড়ালৈ লৈছিল। 

কিন্তু সেই কেমেৰাৰ ভাড়া সময়মতে আদায় দিয়া দূৰৰে কথা, কেমেৰা কেইটা বিক্ৰী কৰি ধন লৈ ঘৰৰ পৰা পলায়নহে কৰিলে। পিছত ৰক্তিম ৰঞ্জন নামৰ এই প্ৰৱঞ্চকটোৰ পিতৃয়ে সেই কেমেৰা কেইটাৰ ধন আদায় দিম বুলি গেৰাণ্টি লৈছিল যদিও পিছত তেওঁৱো যুৱক কেইজনক প্ৰতিশ্ৰুতি অনুসৰি ধন আদায় নিদিলে। 

উপায়ন্তৰ হৈ প্ৰৱঞ্চনাৰ বলি হোৱা তেজপুৰৰ চাৰি যুৱক ক্ৰমে ধৃতিমান শইকীয়া, ধ্ৰুৱজ্যোতি নাথ, ৰিংকু নাথ আৰু আমন চৰকাৰ কাষ চাপে আৰক্ষীৰ। তেওঁলোকে জনোৱা মতে মুঠ ৬ জন ব্যক্তিৰ পৰা ৰক্তিমে প্ৰৱঞ্চনা কৰি লুটিলে প্ৰায় ২৫ লাখ টকা। 

তেওঁলোকে জনোৱা অনুসৰি যোৱা ডিচেম্বৰতে ৰক্তিমৰ পিতৃ ৰুকু শইকীয়াই তেওঁলোকৰ সৈতে ২০২৫ ৰ ৩১ জানুৱাৰীৰ ভিতৰত প্ৰাপ্য ধন আদায় দিব বুলি নটাৰী জৰিয়তে এক চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু জুলাই মাহত আহি উপনীত হোৱাৰ পিছতো সেই ধন আদায় নিদিলে। 

সেয়ে তেওঁলোক কাষ চাপে তেজপুৰ সদৰ আৰক্ষীৰ। তাৰ পিছতেই সদৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰৱঞ্চক ৰক্তিমক। এই ঘটনাই এতিয়া তেজপুৰত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

বিশেষকৈ সাংস্কৃতিক নগৰী তেজপুৰত এইদৰে সাংস্কৃতিক চৰ্চাৰ নামতো এইদৰে প্ৰৱঞ্চনাৰ জাল পেলোৱা একাংশ দগাবাজ বহুতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। বহুতেই ৰক্তিমৰ দৰে প্ৰৱঞ্চকক কঠোৰ শাস্তিৰো দাবী কৰিছে।

তেজপুৰ প্ৰৱঞ্চক