শিল্পী,নিবন্ধকাৰ প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা,এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে আদি কৰি বহুকেইজন গন্য মান্য ব্যক্তি

author-image
Asomiya Pratidin
New Update
শিল্পী,নিবন্ধকাৰ প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰৰ এগৰাকী সমাজ সচেতন ব্যক্তি, বিশিষ্ট তাৰ্কিক, নিবন্ধকাৰ, সাংস্কৃতিক শিল্পী প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

Advertisment

'হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে' বাণ থিয়েটাৰ,তেজপুৰৰ প্ৰাঙ্গনত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত শিল্পী বৰুৱাৰ পত্নী হিমাদ্ৰী বৰুৱা আৰু একমাত্ৰ জীয়ৰী অংকীয়া বৰুৱাই।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এক কাৰ্যসূচী
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এক কাৰ্যসূচী

অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে আদি কৰি বহুকেইজন গন্য মান্য ব্যক্তি।

assam tezpur ban theatre