ডিজিটেল সংবাদ,তেজপুৰঃ "পৰিধি অতিক্ৰমী আকৌ এবাৰ" শীৰ্ষক বিষয়বস্তুৰে মঙলবাৰৰে পৰা ২৬ ডিচেম্বৰলৈ তেজপুৰৰ নেৰিয়ালম প্ৰাংগন আৰু নেৰিয়ালম প্ৰেক্ষাগৃহত এক উৎসৱমুখৰ পৰিৱেশত আৰম্ভ হৈছে "তেজপুৰ সাহিত্য উৎসৱ -২০২৪ "।
তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰ সাহিত্য উৎসৱ মঙলবাৰে পুৱা এক উল্লাস পূৰ্ণ পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অৱসৰ প্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ তথা অসমৰ সু সন্তান ৰাণা প্ৰতাপ কলিতাই । উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীৰ লগতে আজিৰ দিনটোৰ আমন্ত্ৰিত অতিথি বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ধ্ৰুৱ হাজৰিকা, স্পিকিং টাইগাৰৰ মুখ্য সম্পাদক ৰবী সিং, গ্ৰাফিক ঔপন্যাসিক শিশিৰ বসুমতাৰী ,বিশিষ্ট ঔপন্যাসিক ড০ গুমলাট মাইঅ ,সাহিত্যিক তথা সুবক্তা শেফালী বৈদ্যৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছতেই কনমানি পদ্মজা কাশ্যপে বৰগীত পৰিৱেশন কৰে।
আয়োজক সমিতিৰ সভাপতি তথা জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰি অসমৰ চহকী সাহিত্য -সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ সমান্তৰালভাবে শব্দ আৰু ধাৰণাৰ সৌন্দৰ্য্য উদযাপনৰ লক্ষ্যৰে ২০২২ চনৰ পৰাই তেজপুৰ সাহিত্য উৎসৱৰ ধাৰণা আৰম্ভ হৈছিল । প্ৰথম প্ৰচেষ্টাত ই এনে এক মঞ্চলৈ পৰ্যৱেশিত হৈছে যি বিশ্বমুখী চিন্তা -ভাৱনাৰ সৈতে আমাৰ থলুৱা চিন্তা আৰু কন্ঠৰ সেতুবন্ধন কৰাৰ লগতে শিল্পী ,সাহিত্যিক ,লেখক ,চিন্তাবিদ ,পৰিৱৰ্তনকাৰী পাঠকৰ মাজত সৃষ্টিশীলতা ,সমালোচনাত্মক চিন্তাধাৰা আৰু সহযোগিতাৰ বাবে নিশ্চিতভাৱে অনুপ্ৰাণিত কৰে ।
জিলা আয়ুক্ত গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ দৰে আগন্তুক ২০২৫ বৰ্ষটি গ্ৰন্থৰ বৰ্ষ হিচাপে পালন কৰিবলৈ আহ্বান জনায় ।শুভাৰম্ভণি অনুষ্ঠানটিত তেজপুৰ সাহিত্য উৎসৱৰ কাৰ্যকৰী সভাপতি জয়শ্ৰী ভূঞা ৰচিত আৰু সংগীতশিল্পী আলিম্পন চৌধুৰী পৰিচালিত শীৰ্ষ গীতটি পৰিৱেশন কৰে সদস্যা সকলে। বিশিষ্ট সত্ৰীয়া শিল্পী ড০ প্ৰতিভা শৰ্মা পৰিচালিত সত্ৰীয়া নৃত্য ,ভোৰতাল নৃত্য আদিৰে জীপাল হোৱা অনুষ্ঠানটিত আয়োজক সমিতিয়ে প্ৰকৃতিপ্ৰেমী,উদ্ৰোপনৰ স্ৰষ্টা দৰং মহাবিদ্যালয়ৰ অধ্যাপক হৰেন্দ্ৰ নাথ মৰাং আৰু বন্যপ্ৰাণী প্ৰেমী তথা সৰ্প বান্ধৱ সৌৰভ বৰকটকীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
সম্বৰ্ধিত দুয়োগৰাকীয়ে নিজৰ অনুভৱ সদৰি কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে আয়োজক সমিতিৰ উপসভাপতি মহেন্দ্ৰ কুমাৰ নাথ সম্পাদিত স্মৃতিগ্ৰন্থ "খোজ "আনুষ্ঠানিক ভাৱে মুখ্য অতিথি ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লগতে আটাইকেইগৰাকী অতিথিয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । আয়োজক সমিতিৰ উপসভাপতি পংকজ বৰুৱাই স্মৃতিগ্ৰন্থ "খোজ "সন্দৰ্ভত আৰু ২০২২ বৰ্ষৰ "তেজপুৰ সাহিত্য উৎসৱ"ৰ সবিশেষ সদৰি কৰে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাত্ৰী ৰদালি শৰ্মাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটিত মুখ্য অতিথি অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই তেজপুৰ সাহিত্য উৎসৱে এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব বুলি মন্তব্য কৰি সাহিত্যৰ কোনো সীমাৰেখা নাথাকে বুলি উল্লেখ কৰে ।
ভাষণ প্ৰসংগত কলিতাই পৃথিৱী সম্প্ৰতি সকলো ক্ষেত্ৰতে দ্ৰুত পৰিবৰ্তনৰ মাজৰে আগবাঢ়িছে আৰু এই পৰিৱৰ্তনে সকলো ক্ষেত্ৰকে চুই গৈছে বুলি কৈ দ্বিমেৰু যুদ্ধৰ ফলত ছোভিয়েট ৰাছিয়া ধ্বংস হৈছিল আৰু তাৰ পাছতে চীনৰ আৰু আমেৰিকাৰ জি'অ পলিটিক্সৰ কাৰণে ৰাছিয়া ইউক্ৰেনৰ যুদ্ধ আজিও শেষ হোৱা নাই বুলি কৈ চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ ঘৰুৱা হিংসাৰ বাবে আমাৰ দেশলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে ।
আৰম্ভণি অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত প্ৰেক্ষাগৃহৰ সন্মুখত অসমৰ জাতীয় জীৱনৰ পুৰোধা জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা ,সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আদিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট আৰু তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই ।ইয়াৰ পিছতেই তেজপুৰ সাহিত্য উৎসৱ -২০২৪ ৰ বীজ ভাষণ প্ৰদান কৰে অৱশেষত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক ধ্ৰুৱ হাজৰিকাই । ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিক হাজৰিকাই প্ৰত্যেকগৰাকী লেখক যেন একোগৰকী মাতৃ ,প্ৰত্যেকগৰাকী লেখক যেন একোগৰকী সৃষ্টিকৰ্তা বুলি মন্তব্য কৰি সমাজত একোগৰাকী লেখকৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰি শ্ৰীমন্ত শঙ্কৰদেৱ ,লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা প্ৰাত:স্মৰণীয় সাহিত্যিক সকলৰ প্ৰসংগ উল্লেখ কৰে ।
ইয়াৰ পিছতেই বিয়লি "সাহিত্য সৃষ্টি আৰু প্ৰকাশন ক্ষেত্ৰত পৰিধি অতিক্ৰমী "শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই সঞ্চালনা কৰা এই আলোচনাত স্পিকিং টাইগাৰৰ মুখ্য সম্পাদক ৰবি সিং, গ্ৰাফিক ঔপন্যাসিক শিশিৰ বসুমতাৰী আৰু বিশিষ্ট ঔপন্যাসিক ড০ গুমলাট মাইঅ'ই অংশগ্ৰহণ কৰি নিৰ্দিষ্ট বিষয়ৰ ওপৰত মননশীল আলোচনা আগবঢ়াই ।
আজি প্ৰথম দিনটোৰ অন্তিম কাৰ্যসূচী অনুসৰি সন্ধিয়াৰ পৰা "কথোপকথন "শীৰ্ষক মনোৰম অনুষ্ঠানত বিভিন্ন পাঠক-লেখকৰ সৈতে অন্তৰংগ আলাপ কৰে বিশিষ্ট সাহিত্যিক, সুবক্তা শেফালী বৈদ্যই ।