তেজপুৰত গেছৰ পাইপ বহুওৱাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিঃ ভাঙিলে জ্যেষ্ঠ অধিবক্তাৰ বাসগৃহ

তেজপুৰত পকীপথৰ কাষত ৰন্ধন গেছৰ পাইপ বহুওৱাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে জধেমধে মাটি খান্দি বাসগৃহ নিশা ভাঙি পেলোৱাৰ ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
তেজপুৰত গেছ পাইপ বহুওৱাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিঃ ভাঙিলে জ্যেষ্ঠ অধিবক্তাৰ বাসগৃহ

ডিজিটেল সংবাদ তেজপুৰঃ উন্নয়নৰ জয়গান গাই অহা বিজেপি চৰকাৰৰ শাসনকালত তেজপুৰত পকীপথৰ কাষত ৰন্ধন গেছৰ পাইপ বহুৱাৰ নামত কোনো ঠিকাদাৰী প্ৰতিষ্ঠানে জধেমধে মাটি খান্দি উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাৰ বাসগৃহ নিশা ভাঙি পেলোৱাৰ ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইমানেই নহয় তেজপুৰ চহৰ এলেকাৰ সকলো ফালে লোকনিৰ্মাণ বিভাগৰ পথৰ কাষে কাষে গেছৰ পাইপ বহুৱাবলৈ গৈ এফালৰ পৰা গাঁত খন্দাৰ ফলত নিশাটো বাদেই দিনতে ভয়ংকৰ পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে। 

চকুৰ সন্মুখত ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে মইমতালি আৰু দায়িত্বহীনতা দেখিও তেজপুৰ পৌৰসভা, উন্নয়ন কৰ্তৃপক্ষ, সদৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ৰহস্যজনকভাৱে হাত সাৱটি শীত তাপ নিয়ন্ত্ৰিত কোঠাতহে বহি থকাটো ৰাইজৰ পৰিলক্ষিত হৈছে। অভিযোগ মতে ঘৰে ঘৰে ৰন্ধন গেছ যোগান ধৰাৰ বাবে তেজপুৰত বিগত দিন ধৰি লোকনিৰ্মাণ বিভাগৰ পথৰকাষত খনন কাৰ্য চলাই ঠিকাদাৰী প্ৰতিষ্ঠানে নিশাৰ ভাগত গেছ পাইপ বহুৱাই পিছত পথৰ অংশ তিলমানো মেৰামতি নকৰাকৈ এৰি থৈ যায়। 

শুকুৰবাৰেও নিশা তেজপুৰ চহৰৰ পৰা মিছনচাৰিআলি সংযোগী লোকনিৰ্মাণ বিভাগৰ মূলপথৰ কেকোৰাপুলৰ নিচেই সমীপত জিলমিলৰ কাষৰ এলেকাত অত্যাধুনিক যন্ত্ৰৰে খনন চলায়। আশ্চৰ্যজনক বিষয় এয়ে যে কোনো পৰিকল্পনা নোহোৱাকৈ তথা কোনো জোখমাখ নকৰাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শ্ৰমিক কৰ্মচাৰীয়ে জধেমধে খনন চলাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ বিশ্বাসৰ চৌহদৰ পকী বেৰৰ লগতে বাসগৃহৰো বৃহৎ অংশ খহাই পেলায়। 

ইফালে নিশা শুই থকাৰ সময়তে হঠাৎ চৌহদৰ পকী দেৱাল আৰু বাসগৃহৰ বেৰ বৃহৎ শব্দ কৰি এফালৰ পৰা বাগৰি পৰাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ লাগে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকসকল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ একাংশ লোকে পথৰ কাষৰ মাটি খান্দি গেছৰ পাইপ বহুৱাবলৈ গৈ এইদৰে তেওঁলোকৰ বাসগৃহ ভাঙি পেলোৱা দৃশ্য দেখি ক্ষোভিত হৈ পৰে। 

আনহাতে নিশা হঠাতে অঞ্চলটোত বৃহৎ শব্দ শুনি স্থানীয় বহু লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ দেখি চকু কপালত উঠে। ঘটনা সন্দৰ্ভত ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে দায়িত্বহীনতাক তীক্ষ্ণ সমালোচনা কৰি অধিবক্তাগৰাকীক চৌহদৰ পকী দেৱালৰ লগতে বাসগৃহ খহোৱাক লৈ উপযুক্ত ক্ষতিপূৰণ অতি শীঘ্ৰে আদায় দিবলৈ দাবী জনাইছে। 

উল্লেখ্য যে ইন্দ্ৰধনুষ গেছ প্ৰকল্পৰ জৰিয়তে গেছ পাইপ বহুৱাৰ নামত তেজপুৰ চহৰৰ মাজমজিয়াৰ চিভিল চাৰিআলি, গাৰোৱানপট্টি, চান্দমাৰী, কটন ৰোড, আদালত চাৰিআলি আৰু ৰে’লগেটকে আদি কৰি প্ৰায় সকলো ফালেই ডাঙৰ ডাঙৰ গাঁত খান্দি কোনো মেৰামতি নকৰাকৈ তেনেকৈয়ে ভঙা অৱস্থাতে এৰি ৰাইজক দুৰ্ঘটনাৰ মুখলৈ ঠেলি দিছে।এইক্ষেত্ৰত বিগত দিন ধৰি ৰাইজে পথৰ ভগ্ন অংশবোৰ মেৰামতি কৰিবলৈ দাবী জনাই অহাৰ পিছতো ঠিকাদাৰী প্ৰতিষ্ঠানে কোনো গুৰুত্ব দিয়া নাই। 

অভিযোগ মতে এনেদৰে কোনো চৰকাৰী কামৰ বাবে লোকনিৰ্মাণ বিভাগৰ পথৰ খান্দি পেলোৱা পকী অংশ মেৰামতি কৰিবৰ কাৰণে বৃহৎ ধনৰ অনুমোদন হৈ আহিছে যদিও উক্ত ধনৰ ব্যৱহাৰৰ নামত ব্যাপক দুৰ্নীতি চলি আহিছে।এইক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলেই সকলো ওলাই পৰিব। 

ইফালে গেছ পাইপ আৰু টেলিফোন কে’বল আদি বহুবাৱৰ কাৰণে খন্দা পথৰ অংশবোৰ মেৰামতি নকৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰ বছৰ বছৰ ধৰি তেনেদৰেই উন্মুক্ত হৈ পৰি থাকে। যাৰ ফলত প্ৰায়ে এনে গাঁতবোৰক লৈ সৰু ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 

তেজপুৰৰ অতি ব্যস্ত চিভিল চাৰিআলিত গেছ পাইপ বহুৱাই ঠিকাদাৰে লোকনিৰ্মাণ বিভাগৰ পথৰ অংশৰ কোনো মেৰামতি নকৰাকৈ তেনেদৰেই থৈ দিয়াত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ সন্দৰ্ভত ৮ জুলাইত ‘অসমীয়া প্ৰতিদিন’ত এক বাতৰি প্ৰকাশ হৈছিল। ইয়াৰ পিছতে চলি থকা আৰু সম্পূৰ্ণ হোৱা কামৰ ঠাইত কেতিয়াও কোনো বেৰিকেড নিদিয়া ঠিকাদাৰী প্ৰতিষ্ঠানে বেৰিকেড লগাবলৈ বাধ্য হৈছিল। 

স্মৰ্তব্য চকীঘাট দলঙৰ সমীপত ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছ যোগান ধৰাৰ বাবে ইন্দ্ৰধনুষ গেছ প্ৰকল্পৰ ডিপো স্থাপন কৰা হৈছে।

তেজপুৰ গেছ পাইপ দুৰ্ঘটনা