তেজপুৰত ডকাইত ইব্ৰাবিমক গ্ৰেপ্তাৰ, জব্দ পিষ্টলসহ সজীৱ গুলী

শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই তেজপুৰৰ চামধৰা পাঁচমাইলৰ পৰা ইব্ৰাহিম আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷

author-image
Asomiya Pratidin
New Update
ghdfghdefg

ডিজিটেল সংবাদ, তেজপুৰঃ শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই তেজপুৰৰ চামধৰা পাঁচমাইলৰ পৰা ইব্ৰাহিম আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত ইব্ৰাহিম বহুকেইটা ডকাইটি আৰু চুৰি ঘটনাত জড়িত আছিল ৷ 

Capturegrtrtrt

ইব্ৰাহিমৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা পইন্ট 22 পিষ্টল, ৫ টা সজীৱ গুলী, এখন তৰোৱাল আৰু এখন খুকুৰী জব্দ কৰে ৷

Captureddd

উল্লেখযোগ্য যে, তেজপুৰ চহৰৰ এক সন্ত্ৰাসৰ নাম আছিল ইব্ৰাহিম ৷ বহুকেইটা ডকাইটি ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল এইজন ইব্ৰাহিম ৷ আৰক্ষীৰ জেৰাত গভাইত ইব্ৰাহিমে বহু কথা সদৰী কৰিছে বুলি জানিব পৰা গৈছে ৷

তেজপুৰ