/asomiyapratidin/media/media_files/2025/02/16/wn9YyEu6aP5cihDQWXfu.jpg)
ডিজিটেল সংবাদ,তেজপুৰ: আজিৰে পৰা তেজপুৰৰ প'ল ফিল্ডত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৫ ক্লাষ্টাৰ ২ ৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে।
সেই অনুসৰি বৰদলৈ ট্ৰফী ২০২৫ ক্লাষ্টাৰ ২ৰ প্ৰতিযোগিতাত তেজপুৰ,লখিমপুৰ, ধেমাজী,বিশ্বনাথ আৰু মঙলদৈ ফুটবল দলে অংশগ্ৰহণ কৰিছে। আজি তেজপুৰৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ঢেকিয়াজুলি টাউন ক্লাৱ আৰু লখিমপুৰ জিলাৰ ডোবী ফুটবল একাদশৰ মাজত ক্লাষ্টাৰ ২ৰ প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে।
ইফালে কাৰ্যসূচী মতে পুৱা প'ল ফিল্ডত স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই বৰদলৈ ট্ৰফীৰ ক্লাষ্টাৰ ২ৰ খেলৰ, তেজপুৰ উন্নয়ন কৰ্তপক্ষৰ সভাপতি তথা বিশিষ্ট সমাজসেৱক বিৰাজ নাথে গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে।
কাৰ্যসূচীত ঈশানু ভূঞা আৰু প্ৰদীপ চৌধুৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে অগনন ফুটবল প্ৰেমী উপস্থিত থাকে। প্ৰতিযোগিতাত ঢেকিয়াজুলি টাউন ক্লাৱে লখিমপুৰৰ ডোবী ফুটবল একাদশক ৩ - ১ গ'লৰ ব্যৱধানত পৰাজিত কৰে।