ডিজিটেল ডেস্কঃ ২০৩০ চনৰ ভিতৰত ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ দখল কৰাৰ লক্ষ্য দেশৰ বস্ত্ৰ উদ্যোগটোৰ। লগতে উদ্যোগটোৰ অধীনত ৬ কোটি লোকক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি দেওবাৰে প্ৰকাশ কৰে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে।
পশ্চিমবংগৰ নাদিয়াৰ ফুলিয়াত ভাৰতীয় হস্ততাঁত প্ৰযুক্তি প্ৰতিষ্ঠানৰ নতুন স্থায়ী চৌহদ উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে সিঙে । ৭৫.৯৫ কোটি টকা ব্যয় সাপেক্ষে ৫.৩৮ একৰ মাটিৰ বিস্তৃত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিষ্ঠানটোৰ নতুন চৌহদ নিৰ্মাণ কৰা হৈছে।
উল্লেখ্যযোগ্য যে, ভাৰতৰ বস্ত্ৰ বজাৰখন বৰ্তমান ১৭৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৩০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব বুলি বুলি এক সাক্ষাতকাৰত কয় সিঙে । অক্টোবৰ মাহত বস্ত্ৰশিল্পৰ ৰপ্তানি ১১ শতাংশ আৰু পোছাক ৩৫ শতাংশ বৃদ্ধি পাইছে।
ইফালে অক্টোবৰ মাহৰ ভিতৰত ভাৰতৰ পৰা বস্ত্ৰ ৰপ্তানি যোৱা বছৰৰ একে মাহৰ তুলনাত প্ৰায় ১১.৫৬ শতাংশ বৃদ্ধি পাই ১৮৩৩.৯৫ মিলিয়ন মাৰ্কিন ডলাৰ হৈছে। একে সময়তে ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচনে চৰকাৰী তথ্যৰ উদ্ধৃতি দি এক প্ৰতিবেদনত কয় যে, অক্টোবৰ মাহৰ একে সময়ছোৱাত পোছাক ৰপ্তানিৰ পৰিমাণ ৩৫.০৬ শতাংশ বৃদ্ধি পাই ১২২৭.৪৪ মিলিয়ন মাৰ্কিন ডলাৰ হৈছে।
২০২৩ চনৰ অক্টোবৰৰ তুলনাত ২০২৪ চনৰ অক্টোবৰ মাহত বস্ত্ৰ আৰু পোছাকৰ ক্ৰমবৰ্ধমান ৰপ্তানি ১৯.৯৩ শতাংশ বৃদ্ধি পাইছে। তথ্য অনুসৰি এপ্ৰিল-অক্টোবৰৰ ভিতৰত ভাৰতীয় বস্ত্ৰ ৰপ্তানি পূৰ্বৰ বছৰৰ তুলনাত ৪.০১ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে একে সময়ছোৱাত পোছাক ৰপ্তানি ১১.৬০ শতাংশ বৃদ্ধি পাইছে।