‘যৌতুকে কুৎসিত চেহেৰাৰ ছোৱালীক বিয়াত সহায় কৰে’- কলেজত দিয়া হৈছে যৌতুকৰ সপক্ষে শিক্ষা…

‘যৌতুকে কুৎসিত চেহেৰাৰ ছোৱালীক বিয়াত সহায় কৰে’- কলেজত দিয়া হৈছে যৌতুকৰ সপক্ষে শিক্ষা…

author-image
asomiyapratidin
New Update
‘যৌতুকে কুৎসিত চেহেৰাৰ ছোৱালীক বিয়াত সহায় কৰে’- কলেজত দিয়া হৈছে যৌতুকৰ সপক্ষে শিক্ষা…

ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজখনত পূৰ্বৰে পৰা প্ৰচলিত এক প্ৰথা আছিল যৌতুক প্ৰথা। সামাজিক ব্যাধি হিচাপে পৰিচিত এই সামাজিক প্ৰথাক ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছে। অৱশ্যে নিষিদ্ধ কৰাৰ পিছতো যৌতুক প্ৰথা ভাৰতত প্ৰচলিত হৈ আছে। যৌতুকৰ বাবে আজিও বহু যুৱতীয়ে বিবাহৰ পিছত নানান শাস্তি ভোগ কৰি থাকিবলগীয়া হোৱাৰ লগতে মৃত্যুকো আকোৱালি ল'বলগীয়া হৈছে।

Advertisment

এই যৌতুক প্ৰথাৰ বিৰুদ্ধে চৰকাৰে প্ৰচাৰ চলাই আহিছে যদিও শেহতীয়াকৈ পাঠ্যক্ৰমত যৌতুক প্ৰথাৰ সপক্ষে যুিক্ত অন্তৰ্ভুক্ত কৰাৰ ঘটনা পোহৰলৈ আহিছে। ফলত এফালে যৌতুক প্ৰথা বিৰোধিতা কৰি আনফালে ইয়াৰ সপক্ষে যুক্তি দি যৌতুক প্ৰথাক পৃষ্ঠপোষকতা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

দেশজুৰি সামাজিক মাধ্যমত এখন কিতাপৰ এটা পৃষ্ঠা ভাইৰেল হৈ পৰিছে। এই কিতাপখনৰ পৃষ্ঠাটোত যৌতুক প্ৰথাৰ সপক্ষে যুক্তি দিয়া হৈছে। জানিব পৰা মতে নাৰ্ছসকলৰ সমাজবিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত এই বিতৰ্কিত পৃষ্ঠাটো। এই কিতাপখন টি কে ইন্দ্ৰানী নামৰ এগৰাকী পাঠ্যপুথি প্ৰণেতাই যুগুতাই উলিয়াইছে।

এই বিতৰ্কিত পৃষ্ঠাটোৰ ফটো শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও শ্বেয়াৰ কৰিছে। তেওঁ টুইটাৰত পৃষ্ঠাটো আপলোড কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মেনচন কৰি এই পাঠ্যক্ৰম শীঘ্ৰে আঁতৰ কৰিবলৈ আহ্বান জনাইছে। তেওঁ টুইটাৰত লিখিছে, পাঠ্যক্ৰমত এনেধৰণৰ কথা লিখাটো লজ্জাজনক।

পৃষ্ঠাটোত লিখা হৈছে, আচবাব, ৰেফ্ৰিজেৰেটৰ আৰু বাহনৰ দৰে সঁজুলিৰ সৈতে যৌতুকে নতুন ঘৰ স্থাপন কৰাত সহায়ক। ইয়াৰ উপৰিও পৃষ্ঠাটোত লিখা হৈছে যৌতুকৰ বাবে কুৎসিত চেহেৰাৰ ছোৱালীবোৰক বিয়া কৰাত সহায় কৰিব পাৰে।