‘ষ্টুপিড’ৰ পৰা ‘চুপাৰ্ব’লৈঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত দৰ্শনীয় শতকেৰে প্ৰত্যাৱৰ্তন ঋষভৰ...

লাল বলৰ ক্ৰিকেটত নিজৰ স্বকীয় মহিমাৰে উভতি আহিল ঋষভ পণ্ট। হেডিংলেত ইংলেণ্ডৰ বিৰুদ্ধে শতৰান কৰি তেওঁ ভাঙিলে মহেন্দ্ৰ সিং ধোনিৰ ৰেকৰ্ড। পণ্টৰ এই দুৰ্দান্ত ইনিংছৰ

New Update
pytss

ডিজিটেল ডেস্কঃ লাল বলৰ ক্ৰিকেটত নিজৰ স্বকীয় মহিমাৰে উভতি আহিল ঋষভ পণ্ট। হেডিংলেত ইংলেণ্ডৰ বিৰুদ্ধে শতৰান কৰি তেওঁ ভাঙিলে মহেন্দ্ৰ সিং ধোনিৰ ৰেকৰ্ড। পণ্টৰ এই দুৰ্দান্ত ইনিংছৰ পিছত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ছুনীল গাভাস্কাৰেও নিজৰ পূৰ্বৰ সমালোচনা শুধৰাই লৈ প্ৰশংসা কৰে।

Advertisment

ইংলেণ্ডৰ বলাৰ শ্বোয়েব বাছিৰৰ বলত এহাতেৰে ছিক্স মাৰি শতৰানত উপনীত হয় পণ্ট। এই শতৰানৰ সৈতে তেওঁ সৃষ্টি কৰিলে এক নতুন ৰেকৰ্ড। এইটো তেওঁৰ টেষ্ট ক্ৰিকেটত সপ্তম শতৰান। ভাৰতৰ উইকেটৰক্ষকৰ ভিতৰত টেষ্টত সৰ্বাধিক শতৰানৰ ৰেকৰ্ড এতিয়া তেওঁৰ নামত।

মাত্ৰ ৪৪খন টেষ্ট খেলতে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। ইয়াৰ আগলৈকে তেওঁ আৰু ধোনিৰ শতৰানৰ সংখ্যা সমান আছিল। ধোনিয়ে ৯০খন টেষ্টত ৬টা শতৰান কৰিছিল, যাক পণ্টে এতিয়া অতিক্ৰম কৰিছে। ধোনিৰ শেষ টেষ্ট শতৰান আছিল ২০১৩ চনত, যেতিয়া তেওঁ চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২২৪ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলিছিল।

১২ বছৰৰ পিছত পণ্টে ধোনিৰ সেই ৰেকৰ্ড ভাঙে। এতিয়া ভাৰতীয় উইকেটৰক্ষকৰ ভিতৰত তেওঁ শীৰ্ষত। এই তালিকাত তৃতীয় স্থানত আছে ঋদ্ধিমান সাহা, যাৰ টেষ্টত তিনিটা শতৰান আছে। যোৱা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বক্সিং ডে টেষ্টৰ তৃতীয় দিনত পণ্ট এটা ৰেম্প শ্বট খেলি আউট হৈছিল।

 তেতিয়া ধাৰাভাষ্য দি থকা গাভাস্কাৰে বিৰক্ত হৈ কৈছিল, “ষ্টুপিড, ষ্টুপিড, ষ্টুপিড।” পিছত তেওঁ বুজাইছিল যে মেচৰ পৰিস্থিতিত পণ্টৰ সেই শ্বটৰ বাছনি আছিল অযুক্তিকৰ। কিন্তু ১৭৫ দিনৰ পিছত হেডিংলেত ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্টত ধাৰাভাষ্য দি থাকোঁতে গাভাস্কৰে নিজৰ পূৰ্বৰ কথাৰ পৰা সম্পূৰ্ণৰূপে ঘূৰি আহিল।

প্ৰথম দিনত পণ্টৰ অৰ্ধশতৰানৰ পিছত তেওঁ পণ্টৰ বেটিঙৰ প্ৰশংসা কৰে। দ্বিতীয় দিনত পণ্টে শতৰান কৰাৰ পিছত গাভাস্কাৰে ক’লে, “চুপাৰ্ব, চুপাৰ্ব, চুপাৰ্ব।” তেওঁ কয় যে পণ্টে ধৈৰ্য আৰু আক্ৰমণাত্মকতাৰ এক আচৰিত মিশ্ৰণেৰে ইনিংছ গঢ়ি তুলিছে, যিয়ে তেওঁক বিস্মিত কৰিছে।

ঋষভ পণ্ট