/asomiyapratidin/media/media_files/2025/06/08/YBrCh7RMsBVxzZ3YpIeJ.jpg)
ডিজিটেল ডেস্কঃ নলে-গলে লগা বন্ধুৰ মাজত যেতিয়া শত্ৰুতা আৰম্ভ হয়, সেই শত্ৰুতা কি পৰ্যায়লৈ যাব পাৰে তাৰ শেহতীয়া উদাহৰণ এলন মাস্ক আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কিছুদিনৰ আগলৈকে এজনে আনজনক লৈ প্ৰশংসাৰে উপচাই দিয়া দুই বন্ধুৰ মাজত এতিয়া চলিছে বদনামৰ প্ৰতিযোগিতা।
শত্ৰুতা গৈ এই পৰ্যায় পাইছেগৈ যে, বন্ধুত্বৰ চিন ৰূপে এলন মাস্কে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক উপহাৰ দিয়া টেচলা বাহনখনো শেহতীয়াকৈ বিক্ৰী কৰিবলৈ মন মেলিছে ট্ৰাম্পে। এলন মাস্কে ট্ৰাম্পক উপহাৰ দিয়া ৰঙা ৰঙৰ এছ মডেলৰ টেচলা বাহনখন বিক্ৰী কৰিবলৈ তেওৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পন কৰিছে।
জ্যেষ্ঠ বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰে যে, ট্ৰাম্পে ৰঙা ৰঙৰ এই বাহনখনক আৰু চাবলৈ নিবিচাৰে। এই গাড়ীখন তেওৰ বাবে আপদৰ এক চিন বুলিহে এতিয়া গণ্য কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ মাৰ্চ মাহত এই গাড়ীখন ট্ৰাম্পক দিছিল এলন মাস্কে।
প্ৰায় সকলো সুবিধাৰে ভৰপূৰ এই ইলেক্টিক বাহনখনৰ মূল্য প্ৰায় ৮০লাখ। ঘন্টাত ৩০০কিলোমিটাৰ দৌৰিব পাৰে এই বাহনখনে। এবাৰ ছাৰ্জ কৰিলেই প্ৰায় ৬৬০কিলোমিটাৰ বাট অতিক্ৰম কৰিব পাৰে এই বাহনখনে। বাহনখনৰ সন্মুখভাগত আছে বিশাল ডিজিটেল স্কীণ। ট্ৰাম্পক দিয়া এই বাহনখনত সুৰক্ষাৰ দিশটোৰ প্ৰতি নজৰ ৰাখি বিশেষ ভাৱে প্ৰস্তুত কৰিছিল টেচলাই।