/asomiyapratidin/media/media_files/2025/05/01/UjaBTKVrtWXPDpjm2pNU.jpg)
ডিজিটেল ডেস্কঃ লাজ নথকা পাকিস্তানে বাৰে বাৰে নাৰকীয় পহলগাম ঘটনাৰ পৰা নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰি আহিছে যদিও শেহতীয়াকৈ আৰক্ষী আৰু নিয়াৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে আঁচল ছবি। পহলগ্ৰাম ঘটনাক লৈ জন্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ বি এন এছ- ২০২৩ৰ অনুসৰি ধাৰা ১০৩, ১০৯, ৬১,৭, ২৭, ১৬, ১৮ আৰু ২০নং ধাৰা অনুযায়ী ৰুজু কৰিছিল গোচৰ।
এই গোচৰৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে যে, পহলগামৰ এই ঘটনাৰ সকলো পৰিকল্পনা কৰা হৈছিল পাকিস্তানৰ পৰা।পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী সংগঠনৰ এগৰাকী বিশেষ কেডাৰে এই সমগ্ৰ পৰিকল্পনা কৰিছিল। সীমান্তয়েদি ভাৰতলৈ প্ৰৱেশ কৰা সকলো যাৱতীয় কাম কৰি দিয়া হৈছিল পাকিস্তানৰ পৰাই। পাকিস্তানী অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি আটাইকেইটা সন্ত্ৰাসবাদীক ভাৰতলৈ অহাৰ পথ সুচল কৰি দিছিল পাকিস্তানে।
আৰক্ষীৰ তদন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছতো পাকিস্তানে উক্ত নাৰকীয় কাণ্ডৰ সৈতে জড়িত নহয় বুলি দাবী কৰি আহিছে। আনফালে ভাৰতীয় সেনাৰ কুজ-কাৱাজ দেখি পাকিস্তানী সেনাই সীমান্তত ধাৰাবাহিকভাৱে গুলীবৰ্ষণ অব্যাহত ৰাখিছে।