অশান্তজৰ্জৰ মনিপুৰত পুনৰ অঘটন, আৰক্ষীৰ গুলীচালনাত নিহত এজন উগ্ৰপন্থী

অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু আৰক্ষীৰ গুলীচালনাত এজন উগ্ৰপন্থী নিহত হৈছে। নিহত উগ্ৰপন্থী জন প্ৰিপাক সংগঠনৰ সদস্য লাইশ্ৰাম প্ৰেম সিং বুলি চিনাক্ত কৰা হৈছে।‌ আনহাতে, প্ৰিপাক উগ্ৰপন্থী সংগঠনৰ ছয় জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু আৰক্ষীৰ গুলীচালনাত এজন উগ্ৰপন্থী নিহত হৈছে। নিহত উগ্ৰপন্থী জন প্ৰিপাক সংগঠনৰ সদস্য লাইশ্ৰাম প্ৰেম সিং বুলি চিনাক্ত কৰা হৈছে।‌ আনহাতে, প্ৰিপাক উগ্ৰপন্থী সংগঠনৰ ছয় জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰা হৈছে উগ্ৰপন্থী কেইজনৰ পৰা। 

লীচালনাৰ ঘটনা সংঘটিত হৈছে শনিবাৰে থৌবাল জিলাৰ চালুংফাম এলেকাত। মনিপুৰ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হাতত স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰ লৈ কেইজন মান প্ৰিপাক উগ্ৰপন্থীয়ে থৌবাল জিলাৰ চালুংফামত ধন দাবী কৰি আছিল। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ।

আৰক্ষীক দেখামাত্ৰেই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে উগ্ৰপন্থীৰ দলটোৱে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলিচালনা কৰে। আৰক্ষীৰ গুলিত লাইশ্ৰম প্ৰেম সিং (১৮) নামৰ উগ্ৰপন্থী এজন গুৰুতৰভাৱে আহত হয়। আহত উগ্ৰপন্থী জনক ততালিকে ইম্ফলৰ ৰাজ মেডিচিটি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পিচত চিকিৎসালয়ত মৃত্যু হয় উগ্ৰপন্থী জনৰ।

ইফালে,  ঘটনাস্থলীৰ পৰা ছয় জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থী কেইজন  থোকচোম মোমোচা ওৰফে চাৰংথেম, আনন্দ সিং ওৰফে মালেম, নিংথৌজাম কৰ্ণ ওৰফে পিশাক সিং , নিংথৌজাম মনোৰঞ্জন সিং ওৰফে খাজেম্বা,বনাম থোংগম ফালগুনি ওৰফেউৰিকপা আৰু মইৰাংথেম জনছন ওৰফে থৌনা।

উগ্ৰপন্থীকেইজনৰ পৰা পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে। জব্দ কৰা হয় দুটা মেগজিনৰ সৈতে ৩টা ৫.৫৬ এম এম INSASৰাইফল, দুটা মেগাজিনৰ সৈতে ১টা 5.56 এম এম AMOGH ৰাইফল,দুটা  মেগজিন সহ ১টা 7.62 এম এম এছএলআৰ ৰাইফল,১টা মেগজিন সহ ১টা .৩০৩ ৰাইফল

এইফালে, প্ৰাথমিক তদন্তত জব্দ কৰা অস্ত্ৰসমূহ আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰৰ পৰা লুট কৰা অস্ত্ৰ বুলি সদৰী কৰে আৰক্ষীৰ সুত্ৰটোৱে।আনহাতে,কাংপোকপি জিলাৰ খুনখো কুকি গাঁৱৰ জংঘলত অভিযান চলাই আৰক্ষীয়ে ১টা .২২ ৰাইফল, ১টা .৩০৩ ৰাইফল, .২২ ৰাইফলৰ ৪৯টা সজীৱ গুলি জব্দ কৰে।

মণিপুৰ গুলীচালনা