মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত ভয়ংকৰ খহনীয়া

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত সংঘটিত হৈছে ভয়ংকৰ খহনীয়া। অঞ্চলটোত খহনীয়াৰ বাবেই এসপ্তাহত চাৰিটা পৰিয়ালে ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। কেইবাবিঘা কৃষি ভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

author-image
Asomiya Pratidin
New Update
CCXCXCXZC

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত সংঘটিত হৈছে ভয়ংকৰ খহনীয়া। অঞ্চলটোত খহনীয়াৰ বাবেই এসপ্তাহত চাৰিটা পৰিয়ালে ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। কেইবাবিঘা কৃষি ভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

এই খহনীয়াই সীমান্ত সংযোগী পথৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। সীমান্ত সংযোগী পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’লে আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও চৰম ভাবুকি আহিব। ফলস্বৰূপে, জিলা প্ৰশাসনে জলসম্পদ বিভাগক দিয়া নিৰ্দেশনা মতে সোমবাৰে বিয়লি নদীৰ গতি সলনি কৰিবলৈ এখন ড্ৰেজাৰ জাহাজ কোকৰাডাঙাত অনা হৈছে। 

কোকৰাডাঙাৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ড্ৰেজাৰেৰে কাম আৰম্ভ কৰা হৈছে। আনহাতে, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা কোকৰাডাঙাত উপস্থিত হৈ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা তৎকালীনভাৱে কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে। 

গৰাখহনীয়া খহনীয়া