সহকৰ্মী যুৱতীক অশ্লীল ইংগিত ষ্ট'ৰ পৰিচালকৰ

এজাহাৰখনত উল্লেখ থকা অনুসৰি ষ্ট'ৰ মেনেজাৰ বৰুৱাই মাজে সময়ে অশ্লীল ইংগিত দিয়াৰ উপৰিও বিপণীখনৰ চিচি কেমেৰা নথকা ঠাই, লিফ্টলৈ মাতি  তেওঁৰ লগত শাৰীৰিক সম্পর্ক স্থাপন নকৰিলে কামৰ পৰা উলিয়াই দিব বুলি ভয় ভাবুকি প্রদান কৰে।

author-image
Asomiya Pratidin
New Update
যুৱতীক অশ্লীল ইংগিত

যুৱতীক অশ্লীল ইংগিত

ডিজিটেল সংবাদ, ধুবুৰী: বহুজাতিক কোম্পানী বিশাল মেগামাৰ্টৰ ধুবুৰী শাখাৰ ষ্ট'ৰ পৰিচালক গৰাকীৰ বিৰূদ্ধে ভয়ংকৰ অভিযোগ। সহকৰ্মী তথা "চেলচ মেন" ৰূপে কৰ্মৰত এগৰাকীক অশ্লীল ইংগিত আৰু শাৰিৰীক সম্পৰ্ক স্থাপন কৰাৰ হেঁচা প্ৰয়োগ কৰাৰ এক ভয়ংকৰ অভিযোগ উঠিছে ষ্ট'ৰ পৰিচালক গৰাকীৰ বিৰূদ্ধে। আনকি এই ষ্ট'ৰ পৰিচালক ভাস্কৰ বৰুৱাৰ বিৰূদ্ধে ইতিমধ্যে ধুবুৰী সদৰ থানাত এখন এজাহাৰ ভূক্তভোগী যুৱতীগৰাকীয়ে  দাখিল কৰা বুলিও জানিব পৰা গৈছে। 

Advertisment

এজাহাৰখনত উল্লেখ থকা অনুসৰি ষ্ট'ৰ মেনেজাৰ বৰুৱাই মাজে সময়ে অশ্লীল ইংগিত দিয়াৰ উপৰিও বিপণীখনৰ চিচি কেমেৰা নথকা ঠাই, লিফ্টলৈ মাতি  তেওঁৰ লগত শাৰীৰিক সম্পর্ক স্থাপন নকৰিলে কামৰ পৰা উলিয়াই দিব বুলি ভয় ভাবুকি প্রদান কৰে। আনকি, বিগত  ২১ মাৰ্চৰ সন্ধিয়া আনুমানিক ৬টা মান বজাত ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দিব বুলি কোৱাৰ পিছত ভাস্কৰ বৰুৱাই ধনৰ প্ৰলোভন দিয়াৰ সমান্তৰালকৈ আত্মহত্যা কৰিব বুলি মানসিক হেঁচা দিয়াৰ অপচেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী যুৱতীগৰাকীয়ে।  

উল্লেখযোগ্য যে, ভুক্তভোগী যুৱতীগৰাকীয়ে বিগত ২২ মাৰ্চৰ দিনা দাখিল কৰিছিল সেই এজাহাৰখন। কিন্তু এজাহাৰ দাখিল কৰাৰ দুদিন পাৰ হৈ গ'ল হ'ল যদিও বৰ্তমানলৈ বিষয়টো লৈ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱা কেন্দ্ৰ কৰি স্থানীয় সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

dhubri অশ্লীল ইংগিত