/asomiyapratidin/media/media_files/2025/06/09/IwhdX1MVfH4PryRoFJ5Q.jpg)
ধুবুৰীত পুনৰ উত্তেজনা, প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত পুনৰ সন্দেহজনক মাংস উদ্ধাৰক লৈ উত্তেজনা বিৰাজ কৰা দেখা গৈছে। দেওবাৰেও ধুবুৰীৰ ৩নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ সমীপত সন্দেহজনক মাংস উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তেজনাৰ। সোমবাৰে পুনৰ সেই অঞ্চলটোতেই এটা প্লাষ্টিকৰ মোনাত সন্দেহজনক মাংসৰ অংশবিশেষ উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে ক্ষোভত ফাটি পৰে ৰাইজ।
ঘটনাৰ পাছতে ধুবুৰী চহৰত উত্তেজনা বিৰাজ কৰাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীৰ টিয়াৰ গেছ নিক্ষেপ কৰিবলগীয়া হয়। ইপিনে শেহতীয়াকৈ, ধুবুৰীৰ ছাতিয়ানতলা অঞ্চলতো সন্দেহজনক গো-মাংসৰ ছাল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ধুবুৰী জিলা আয়ুক্তই ধুবুৰীবাসীক উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান জনাইছে। সমগ্ৰ ঘটনা চকু ৰখাৰ উপৰিও চি আৰু পি এফৰ সহযোগত ধুবুৰী চহৰখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰিছে বুলি আয়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
চহৰখনত সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে নিৰাপত্তৰক্ষী থকা বুলি দাবী কৰাৰ সমান্তৰালকৈ প্ৰয়োজন বোধে বাহিৰৰ পৰা নিৰাপত্তা বাহিনী অনাৰো পদক্ষেপ লোৱা হোৱা বুলি সদৰি কৰিছে জিলা আয়ুক্ত দিবাকৰ নাথে। উল্লেখ্য যে, সোমবাৰে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ দুই এটা ঠাইত আৰক্ষীয়ে টিয়াৰ গেছ নিক্ষেপ কৰিব লগীয়া হৈছিল।
ইফালে ধুবুৰীত সাম্প্রতিক পৰিস্থিতিক কেন্দ্র কৰি জিলা প্রশাসনে জাৰি কৰিছে নিৰ্দেশনা। জিলাখনত 163(i) BNSS জাৰি কৰা হৈছে। ধুবুৰী চহৰৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে একেলগে পাঁচজন বা ততোধিক লোক ঘুৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিছে। এই সময়ছোৱাত কোনোধৰণৰ ৰেলী আৰু সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব। অৱশ্যে জৰুৰীকালীন সেৱাসমূহৰ ক্ষেত্রত নাই কোনো নিষেধাজ্ঞা।
উল্লেখযোগ্য যে, দেওবাৰে ধুবুৰীৰ ৩নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ সমীপত সন্দেহজনক গো-মাংস উদ্ধাৰ হোৱাৰ পিচতে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ৰমজান আলী সেখ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।