/asomiyapratidin/media/media_files/2025/03/22/rouxgUgEidZJHlQvZrRs.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিপৰাৰ গুদামঘাটত ১৩২ কে.ভি. লাইনৰ টাৱাৰ বহুৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে ২০২২ চনতে গুদামঘাট মিৰি অঞ্চলৰ কেইবাজনো লোকৰ ব্যক্তিগত মাটিত ৰে’লৱে বিভাগৰ দ্বাৰা বিদ্যুতৰ টাৱাৰ নিৰ্মাণ কৰা হৈছিল।
লগতে প্ৰত্যেকটো টাৱাৰৰ বিনিময়ত মাটিৰ গৰাকী সকলোক ক্ষতিপূৰণ হিচাপে টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কোনোধৰণৰ টকা- পইচা নোপোৱাকলৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। মাটিৰ গৰাকীসকলে অভিযোগ কৰা মতে তেওঁলোকৰ নামত ক্ষতিপূৰণ হিচাপে অহা টকা বিলাকো কোনোবা দুষ্টচক্ৰই আত্মসাৎ কৰিছে ৷ আনহাতে অতি সোনকালে তেওঁলোকৰ ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাইছে নিৰ্মানকাৰী সংস্থাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us