পত্নীক দাৰে আক্ৰমণ কৰা স্বামীক হত্যাৰ চেষ্টা গাওঁবাসীৰ ! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ আৰক্ষীৰ গুলী...

সামান্য কথাতে পত্নীক দাৰে ঘপিয়াইছিল ছিদ্দিক আলী নামৰ এজনে...

author-image
Asomiya Pratidin
New Update
পত্নীক দাৰে আক্ৰমণ কৰা স্বামীক হত্যাৰ চেষ্টা গাওঁবাসীৰ ! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ আৰক্ষীৰ গুলী...

south salmara

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত শালকাটা চিনাবাৰি গাঁৱত স্বামীয়ে দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাকলৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পিছতে এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰিবলৈও বাধ্য হয় ৷

Advertisment

জানিব পৰা মতে আজি দুপৰীয়া ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত চিনাবাৰী গাৱঁৰ ছিদ্দিক আলীয়ে (৫৪) তেওঁৰ পত্নী ৰাশিদা খাতুনক পাৰিবাৰিক সংঘাতৰ বাবে সামান্য কথাতে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে । আঘাতপ্ৰাপ্ত পত্নীক ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইফালে পত্নীক আক্ৰমণ ঘটনাত চিনাবাৰী গাৱঁত এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ গাৱঁৰ ৰাইজে পত্নীক আক্ৰমণকাৰী ছিদ্দিক আলীক আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু তেওঁলৈ লক্ষ্য কৰি শিল গুটি দলিয়ায়৷ এনে সময়তে ফকিৰগঞ্জ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পত্নী আক্ৰমণকাৰী ছিদ্দিক আলীক আটক কৰি থানালৈ নিয়াৰ সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে।

স্থানীয় ৰাইজে আৰক্ষীৰ জিম্মাৰ পৰা ছিদ্দিক আলীক কাঢ়ি আনি মাৰিবলৈ উদ্যত হয়। আৰক্ষীয়ে এনে এক উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালন কৰিবলৈ বাধ্য হয়। গাওঁবাসীৰ হাতৰ পৰা ছিদ্দিক আলীক উদ্ধাৰ কৰি আৰক্ষীয়ে থানালৈ লৈ যায় ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনিয়া ঘটনাস্থলীত উপস্থিতহৈ সমগ্ৰ ঘটনাটোৰ বুজলৈ ঘটনাৰ তদন্ত আৰম্ভ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, ৰাইজে আইন হাতত তুলি ল'ব বিচাৰিছিল আৰু আৰক্ষীৰ কৰ্তব্যতো বাধা দিয়াৰ চেষ্টা কৰি এক উত্তাপ পৰিস্থিতিৰ সৃষ্টি কৰিছিল যাৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

mancachar south salmara