ৰূপহীহাটত অবৈধভাৱে চোৰাং গৰু হত্যা কৰি মাংস বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি..

rupohihat
rupohihat

ডিজিটেল সংবাদ, ৰূপহীহাটঃ নগাঁও জিলাৰ ৰূপহীহাটত জিউমাৰীত গো-মাংসক লৈ উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে, জিউমাৰীত অবৈধ কচাইখানাত চুৰি গৰু কাটি বিক্ৰী কৰোতে স্থানীয় ৰাইজে হাতে লোটে ধৰি কচাইখানা ভাঙি লণ্ড-ভণ্ড কৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, আলাল উদ্দিনৰ নামৰ লোকজনে গাৱঁৰ গৃহস্থৰ ঘৰৰ পৰা গৰু চুৰি কৰি কচাইখানাত কাটি বিক্ৰী কৰাৰ অভিযোগ পূৰ্বৰ পৰাই আছিল। সেই অনুসৰি, শুকুৰবাৰে গৰু চুৰি কৰি আনি কাটি ওলোমাওতেই ধৰা পৰে উক্ত লোকজন ৷

ৰাইজৰ দাবী দীৰ্ঘদিন ধৰি কচাইখানৰ কোনো নথি পত্ৰ নথকাকৈ অবৈধভাৱে চলাই গৈছে গো-মাংসৰ ব্যৱসায় ৷ দীৰ্ঘদিন ধৰি এইদৰে গো হত্যা কৰি মাংস বিক্ৰী কৰি থকাৰ বিষয়ে ৰাইজে সংশ্লষ্টি বিষয়াক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আলাল উদ্দিনৰ বিৰুদ্ধে ৷

তাৰোপৰি পূৰ্বতে অবৈধভাৱে গাই গৰু কাটি অহাৰো অভিযোগ আছে আলাল উদ্দিনৰ ওপৰত ৷ উক্ত ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱাত ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা লগতে ব্যৱসায়ী আলাল উদ্দিনক সোধ পোচৰ বাবে আটক কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in