নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি ত্ৰিনয়ন নাৰ্চিংহোমত উত্তপ্ত পৰিস্থিতি...

author-image
Asomiya Pratidin
New Update
নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি ত্ৰিনয়ন নাৰ্চিংহোমত উত্তপ্ত পৰিস্থিতি...

nagaon, trinayan health care

ডিজিটেল সংবাদ নগাঁও : কাঠফুলাৰ দৰে নগাঁৱত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মইমতালি ৰোধ কৰাত ব্যৰ্থ ৰাজ্যৰ স্বাস্হ্য বিভাগ ৷ যাৰ বাবে সততে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বৃদ্ধি পাইছে সাধাৰন লোকৰ মৃত্যুৰ সংখ্যা ৷

নগাঁৱৰ বৰঘাটত থকা ত্ৰিনয়ন নামৰ নাৰ্চিংহোমখনত এগৰাকী প্ৰসূতিৰ লগতে নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হয় শনিবাৰে ৷ প্ৰসূতিগৰাকীৰ লগতে নৱজাতকৰ মৃতদেহ চিকিৎসালয়খনৰ আই চি ইউত শুকুৰবাৰৰ নিশাৰ পৰা আবদ্ধ কৰি ৰাখি থোৱাৰ ঘটনাক লৈয়ে সৃষ্টি হয় উত্তপ্ত পৰিস্হিতিৰ ৷

চিকিৎসালয়ৰ চৌহদত আৰক্ষী উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰন কৰিব লগা হয় ৷ জানিব পৰা মতে নগাঁও চহৰৰ কাষৰীয়া অঞ্চল হাতীপাৰাৰ দিপীকা বৰা নামৰ ২৯ বছৰীয়া প্ৰসূতিগৰাকীক ২০ অক্টোবৰত ১০৮ সেৱা যোগে বৰঘাটৰ ত্ৰিনয়ন নামৰ নাৰ্চিংহোম খনত ভৰ্তি কৰোৱাই ৷

দৰিদ্ৰ পৰিয়ালৰ প্ৰসূতিগৰাকীক ২০ অক্টোবৰত ত্ৰিনয়নত ভৰ্তি কৰোৱাৰ পিছত ২১ অক্টোবৰৰ নিশা চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰে ৷ নিশা অস্ত্ৰোপ্ৰচাৰৰ সময়ত চিকিৎসকে তেজৰ প্ৰয়োজন হ'ব বুলি পৰিয়ালক অৱগত কৰে ৷

লগতে চিকিৎসকে প্ৰসূতিগৰাকীৰ সন্তানটো মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে ৷ সন্তানটো মৃত বুলি ঘোষণা কৰাৰ কিছু সময়ৰ পিছত চিকিৎসকে মাতৃ দিপীকা বৰাৰো মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে ৷

দিপীকা বৰাৰ পৰিয়ালৰ দাবী নৱজাতকৰ লগতে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে অৱগত কৰাৰ পিছত মৃতদেহ দুটি পৰিয়ালৰ লোকক প্ৰত্যক্ষ কৰিবলৈ দিয়া হোৱা নাছিল ৷ ভুল চিকিৎসাৰ বাবে প্ৰসূতিগৰাকীয়ে মৃত্যুক সাৱতি লয় ৷

শুকুৰবাৰৰ নিশাৰ পৰা শনিবাৰে পুৱালৈকে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ নিদিয়াৰ পিছত প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোক উত্তেজিত হৈ পৰে ৷ মৃতদেহ আবদ্ধ কৰি ৰখা আই চি ইউ কোঠাটি আক্ৰমণৰ লক্ষ্য কৰি উত্তেজনাৰ সৃষ্টি কৰাত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ সহায় বিচৰাত আৰক্ষীয়ে পৰিস্হিতি নিয়ন্ত্ৰন কৰে ৷

ইফালে প্ৰসূতিগৰাকীৰ চিকিৎসাৰ ব্যয়ৰ নামত ত্ৰিনয়ন নাৰ্চিংহোম কৰ্তৃপক্ষই বৃহৎ পৰিমানৰ বিল প্ৰদান কৰাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ চিকিৎসালয়ৰ সূত্ৰ মতে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটি মৃত অৱস্হাত আছিল ৷

পৰিয়ালৰ সন্মতি সপক্ষেহে অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷ অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজনীয় তেজ পৰিয়ালৰ লোকে চিকিৎসালক সময়ত যোগান ধৰিব পৰা নাছিল ৷

nagaon trinayan health care