
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্য্যালয়ৰ অন্তৰ্গত পশ্চিম মাছখোৱা সমবায় সমিতিৰ দেওবাৰে অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰ পৰাই শিঙিয়া পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এই নিৰ্বাচনৰ নিয়োজিত নিৰ্বাচনী বিষয়া লক্ষী পেগুৰ অদূৰদৰ্শী নীতি আৰু অমনোযোগী ভূমিকাৰ বাবে ব্যাপক খাম খেয়ালীৰ সূত্ৰপাত ঘটাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।
প্ৰধানকৈ শিঙিয়া গাঁও পঞ্চায়তৰ এটা সৰু গৃহত মুঠ ২ হাজাৰ ৮০০ অংশীদাৰ ভোটাৰৰ ভোট গ্ৰহণৰ বাবে কৰা ক্ৰুটিপূৰ্ণ ব্যবস্থাৰ বাবেই ভোট গ্ৰহণৰ কিছু সময়ৰ পাছতে উদ্ভৱ হয় জটিল আৰু উশৃংখল পৰিস্থিতিৰ । উৎকট গৰমত মাথো এখন দুৱাৰ বিশিষ্ট এটা সৰু গৃহত ভোট গ্ৰহণ কৰাৰ অবিবেচকী ব্যৱস্থাৰ বাবে প্ৰায় তিনি চাৰি ঘণ্টা ধৰি শাৰী পাতি থাকিও অংশীদাৰী ৰাইজে ভোট দিবলৈ নোপোৱাত অতিষ্ঠ ভোটাৰে ঠেলা হেচা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
যাৰ পৰিণতিত কিছু সময় ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে । তাৰোপৰি অতিষ্ঠ ভোটাৰ ৰাইজে নিৰ্বাচনী বিষয়া লক্ষী পেগুক ঘেৰাও কৰি এনে অদূৰদৰ্শী ব্যৱস্থাপনাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে। ভোটাৰৰ অভিযোগ হল উৎকট গৰমত নিজা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি ঠেলা হেঁচাত কবলত পৰি কেইবাজনো ভোটাৰ মূৰ্চা যায়।
একমাত্ৰ অদক্ষ নিৰ্বাচনী বিষয়াজনৰ অমনোযোগীতাৰ বাবেই সমবায় সমিতিৰ নিৰ্বাচনত এনে জটিল পৰিস্থিতি সৃষ্টি হোৱাৰ পৰৱৰ্তী সময়ত ঢকুৱাখনা সদৰ থানাৰ এটা আৰক্ষীৰ দলে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় ।