/asomiyapratidin/media/media_files/2025/06/16/3NjRcHl95NGYNJ1AG0cl.jpg)
উত্তপ্ত পৰিস্থিতি
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰা চহৰৰ মাজমজিয়াত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে এখন ব্যক্তিগত গাড়ী কোনো দুৰ্বৃত্তই ভঙাক কেন্দ্ৰ কৰি অঞ্চলটোত এনে পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন লোকক আৰক্ষীয়ে আটক কৰি মিছামাৰী আৰক্ষী থানালৈ লৈ যায়।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ দিনৰে পৰা স্থানীয় অসমীয়া যুৱসমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈ আছিল। তেনে সময়তে নিশা কোনো দুৰ্বৃত্তই এ এছ ১২ এ জে ১৮৬১ নম্বৰৰ মহিন্দ্ৰা থাৰ বাহনখনত শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰাৰ ফলত জ্বলা জুইত ঘিউ ঢালি দিয়া লেখিয়া হৈ পৰে।
ইয়াৰ উপৰিও দুৰ্বৃত্তই আন এখন এ এছ ১২ এ এল ৪৯৮৮ গাড়ীও ক্ষতিসাধন কৰে ৷ অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰা আৰু দুখনকৈ গাড়ী ক্ষতিসাধন কৰাৰ পিছতেই তীব্ৰ উত্তোজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷
ইফালে ইয়াৰ পাছতে ৰঙাপৰাত যাতে জাতিগত সংঘাত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি ৰঙাপৰা চহৰত ঠেলামৰা, মিছামাৰী, চাৰিদুৱাৰৰ আৰক্ষী জোৱানৰ লগতে অৰ্দ্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা আৰু কটকটীয়াকৈ তোলে। ক্ষুব্ধ যুৱকসকলে ন্যায় বিচাৰি ৰঙাপৰা থানাত উপস্থিত হয়।
ৰঙাপৰাৰ ঘটনাৰ বুজ ল'বলৈ নিশাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া (দণ্ডাধীশ) ডাঃ ক্ষীৰোদ কমল হাজৰিকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷