/asomiyapratidin/media/media_files/2025/07/06/334-2025-07-06-23-44-46.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ সমীপৰ বৰভেটিত দেওবাৰে ড্ৰাগছ সৰবৰাহক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰভেটিৰ পৰা এ এছ ০২ এফ ৫১৪০ নম্বৰৰ বিলাসী বাহনত নগাঁও চহৰৰ দিশে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে স্থানীয় একাংশ লোকে বাহনখন আগচি ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উত্তেজিত ৰাইজে বাহনখনৰো ক্ষতিসাধন কৰে। এই সন্দৰ্ভত স্থানীয় লোকৰ খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী নগাঁও চহৰৰ বৰবজাৰ ঢাকাইপট্টীৰ মহচিন আহমেদ আৰু মিণ্টু আহমেদক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা বাহনখন জব্দ কৰাৰ লগতে ১১.৭৩ গ্ৰাম হেৰ'ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে দুয়োকো জেৰা অব্যাহত ৰাখিছে।