Advertisment

বিহুগুৰিত উত্তপ্ত পৰিস্থিতি : বন বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

বিগত এমাহে বন্যহস্তীৰ জাকে বিহগুৰিৰ জাৰণি, তিনিখৰীয়া অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে। কিন্তু আজি পৰ্যন্ত বন বিভাগে বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই...

author-image
Asomiya Pratidin
New Update
tezpur protest

ডিজিটেল সংবাদ, তেজপুৰ : বন বিভাগৰ ব্যৰ্থতা আৰু নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে নিশা তেজপুৰৰ বিহুগুৰিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজৰ অভিযোগ যে দিনৰ ভাগত বন বিভাগে শিল-বালি আৰু কাঠৰ গাড়ীৰ পৰা ঠিকেই ধন সংগ্ৰহ কৰে, কিন্তু হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক সকাহ দিব নোৱাৰে ৷

Advertisment

উল্লেখযোগ্য যে বিগত এমাহে বন্যহস্তীৰ জাকে বিহগুৰিৰ জাৰণি, তিনিখৰীয়া অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে। কিন্তু আজি পৰ্যন্ত বন বিভাগে বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে ক্ষোভিত ৰাইজে নিশা প্ৰায় ১০ বজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বন সংমণ্ডল বিষয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী ৰাইজ ৷ ইফালে প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত প্ৰশাসন তথা বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সমস্যা সমাধানৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰে। ইয়াৰ পাছতে প্ৰতিবাদী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়ে। উল্লেখ্য যে ৰাইজৰ প্ৰতিবাদৰ বাবেই প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথছোৱাত যান -বাহনৰ চলাচল বন্ধ হৈ পৰে।

assam forest department