হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । দুই ছাত্ৰ ফৈদৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড সংঘাতৰ। মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহাবিদ্যালয় চৌহদ।

author-image
Asomiya Pratidin
New Update
64

ডিজিটেল সংবাদ, হাজো : হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । দুই ছাত্ৰ ফৈদৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড সংঘাতৰ। মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহাবিদ্যালয় চৌহদ।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সহাকাৰী সাধাৰণ সম্পাদক ৰাহুল আলী বিৰুদ্ধে গুণ্ডাগিৰি কৰাৰ গুৰুতৰ অভিযোগ।নিযুঁত মইনা আচঁনিৰ চেক বিতৰণ কৰিবলৈ অহা একাংশ বিষয়-ববীয়াক প্ৰকাণ্ড লোৰে প্ৰহাৰৰ চেষ্টাৰ অভিযোগ ৰাহুল আলীৰ বিৰুদ্ধে।

কেৱল ইমানেই নহয়, হাতত প্ৰকাণ্ড ৰদ লৈ মহাবিদ্যালয় চৌহদত ৰাহুল আলীৰ বিৰুদ্ধে গুণ্ডাগিৰি চলোৱাৰ গুৰুতৰ অভিযোগ একাংশ ছাত্ৰ-ছাত্ৰীৰ। ৰাহুল আলীৰ এনে কৰ্ম-কাণ্ডৰ বিৰুদ্ধে এটা ফৈদে প্ৰতিবাদ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পিছত পৰিস্থিতি অধিক জটিলৰ দিশে যোৱাত ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই কঁঞা আৰক্ষীয়ে।আৰক্ষীৰে সন্মুখতে দুটা ফৈদৰ মাজতে সৃষ্টি হয় প্ৰচণ্ড সংঘাতৰ।

অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ মইনুল হ'কৰ ছত্ৰছায়াতে সহাকাৰী সাধৰণ সম্পাদক ৰুবুল আলীয়ে মহাবিদ্যালয়খনত গুণ্ডাৰাজ চলোৱাৰ অভিযোগ। পিছত মহাবিদ্যালয় চৌহদত গুণ্ডাগিৰি চলোৱা ৰাহুল আলীক আটক কৰে কঁঞা আৰক্ষীয়ে। তাৰ পিছতো মহাবিদ্যালয়খনৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখনীয় যে ৰাহুল আলীৰ বিৰুদ্ধে মহাবিদ্যালয়খনত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

hajo