আত্মীয়, চুবুৰীয়াৰ কটাক্ষৰ বাবেই টেনিছ খেলুৱৈ ৰাধিকাক শেষ কৰি দিলে পিতৃয়ে

'জীয়েকৰ টকাৰে ঘৰতে শুই, বহী খাই আছে সি’- আত্মীয়-স্বজন, চুবুৰীয়াৰ এনে কটাক্ষ, অপমান সহ্য কৰিব নোৱাৰিয়েই অৱশেষত জীয়ৰীকে গুলীয়াই হত্যা কৰিলে দীপক যাদৱে।

author-image
Tushar Pratim
New Update
আত্মীয়, চুবুৰীয়াৰ কটাক্ষৰ বাবেই টেনিছ খেলুৱৈ ৰাধিকাক শেষ কৰি দিলে পিতৃয়ে

ডিজিটেল ডেস্কঃ ‘জীয়েকৰ টকাৰে ঘৰতে শুই, বহী খাই আছে সি’- আত্মীয়-স্বজন, চুবুৰীয়াৰ এনে কটাক্ষ, অপমান সহ্য কৰিব নোৱাৰিয়েই অৱশেষত জীয়ৰীকে গুলীয়াই হত্যা কৰিলে দীপক যাদৱে। প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। 

Advertisment

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকা যাদৱক বৃহস্পতিবাৰে তেওঁৰ নিজ পিতৃয়ে ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰিলে। ৰাধিকালৈ লক্ষ্য কৰি মুঠ ৫ টাকৈ গুলী চলাইছিল দীপক যাদৱে। ৰাধিকাৰ দেহত আঘাত কৰিছিল ৩ টা গুলীয়ে। পিছত হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰিছিল ৰাধিকাক।

এই হত্যাকাণ্ডৰ পিছতেই দেশজুৰি ইয়াৰ আঁৰৰ কাৰণ সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ পৰিছিল বহুজন। অসমৰ্থিত সূত্ৰত প্ৰথমে ৰীল বনোৱাক কেন্দ্ৰ কৰিয়েই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ দাবী কৰা হৈছিল। 

কিন্তু আৰক্ষীৰ পাৰম্ভিক তদন্তত স্পষ্ট হৈছে দৰাচলতে আত্মীয়, চুবুৰীয়াৰ কটাক্ষ সহ্য কৰিব নোৱাৰিয়েই এই হত্যাকাণ্ড সংঘটিত কৰিলে দীপক যাদৱে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দীপক যাদৱক জীয়কেৰ উপাৰ্জনৰে জীৱন নিৰ্বাহ কৰি আছে বুলি কটাক্ষ কৰি আহিছিল। সেয়ে তেওঁ বিচাৰিছিল জীয়েক ৰাধিকাই চলাই থকা টেনিছ একাডেমীখন বন্ধ কৰি দিয়ক। 

কিন্তু প্ৰতিভাৱান ৰাধিকা যাদৱে পিতৃৰ সেই কথা মানি নল’লে। পিছত সেয়াই হৈ পৰিল কাল। এই লৈ দুয়োৰে মাজত হোৱা কাজিয়াৰ মাজতে দীপক যাদৱে ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰে।

গুৰগ্ৰামত সংঘটিত হোৱা হাৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাৰ হত্যাৰ আঁৰৰ কাৰণ সন্দৰ্ভত হোৱা চৰ্চাৰ মাজতে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰাত এতিয়া বিষয়টোৱে পুনৰ নতুন বিতৰ্কৰ সূচনা কৰিছে।  

তদন্তকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি ৰাধিকাই পাকঘৰত কাম কৰি আছিল। সেই সময়ত তেওঁক লক্ষ্য কৰি পিতৃ দীপকে পাছফালৰ পৰা পাঁচটা গুলী চলাইছিল। 

তাৰে তিনিটা গুলীয়ে ৰাধিকাৰ দেহত আঘাত কৰিছিল। ৰক্তাক্ত অৱস্থাৰে মজিয়াত বাগৰি পৰা ৰাধিকাক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ঘটনাৰ খবৰ পায়েই প্ৰথমে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। তেওঁৰ পৰা জব্দ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰ। প্ৰাথমিক জেৰাত দীপকে ৰাধিকাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। 

আৰক্ষীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকাই খেলি থকাৰ সময়তে কান্ধত আঘাত পাইছিল। এই আঘাতে তেওঁক আমনি কৰি আছিল। ক’ৰ্টতো ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। 

সেয়ে শিশুৰ প্ৰশিক্ষণৰ বাবে টেনিছ একাডেমী খুলিবলৈ সিদ্ধান্ত ল’লে। সেই পৰিকল্পনা অনুসৰি ৰাধিকাই নিজৰ এলেকাত এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিলে। পিতৃ দীপকে ৰাধিকাৰ এই উদ্যোগক সমৰ্থন কৰা নাছিল। 

তেওঁ বিচাৰিছিল ৰাধিকাই একাডেমী বন্ধ কৰক, যাৰ বাবে দুয়োৰে মাজত সঘনাই তৰ্ক-বিতৰ্ক হৈছিল। আৰক্ষীৰ মতে, ৰাধিকাৰ উপাৰ্জনৰ ভিত্তিতে পৰিয়ালটো চলিছিল। দীপকে বিভিন্ন সময়ত এই বিষয়ে ওচৰ চুবুৰীয়া, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱীৰ কথা শুনিবলগীয়া হৈছিল। 

সেইবাবেই দীপকে নিবিচাৰিছিল যে তেওঁৰ কন্যাই একাডেমী চলাওক। সেয়ে জীয়েক ৰাধিকাক একাডেমী বন্ধ কৰিবলৈ হেঁচা দিছিল। কিন্তু ৰাধিকাই দেউতাকৰ প্ৰস্তাৱত সন্মতি নিদিলে।

দীপকে আৰক্ষীক কয় এইদৰে- "যেতিয়া মই ৱাজিৰাবাদ গাঁৱলৈ গাখীৰ কিনিবলৈ গৈছিলো তেতিয়া মানুহে মোক ঠাট্টা কৰিছিল। তেওঁলোকে কৈছিল যে মই মোৰ ছোৱালীৰ টকাৰে জীৱন নিৰ্বাহ কৰি আছো। এই সকলোবোৰ কথা শুনি মই বহুত আঘাত পাইছিলোঁ। কিছুমানে মোৰ ছোৱালীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। গতিকে মই মোৰ ছোৱালীক টেনিছ একাডেমী বন্ধ কৰিবলৈ ক'লোঁ। কিন্তু তাই মান্তি নহ'ল।"

বৃহস্পতিবাৰেও এই বিষয়টোক লৈ পিতৃ-কন্যাৰ মাজত বিবাদ হৈছিল। দীপকে কয় যে তেওঁ বহু দুখ আৰু মানসিক চাপত আছিল। তেওঁৰ ভাষাত "মই ৰাধিকাক একাডেমী বন্ধ কৰিবলৈ কৈছিলো। তাই নুশুনিলে, তৰ্ক আৰম্ভ হ'ল। খঙত মই মোৰ অনুজ্ঞাপত্ৰ থকা বন্দুকৰে তাইক গুলীয়াই দিলোঁ।" 

অৱশ্যে দীপকৰ পত্নী মঞ্জু যাদৱে এই সন্দৰ্ভত লিখিত বক্তব্য দিবলৈ অস্বীকাৰ কৰিছে। দীপকৰ ভাতৃ কুলদীপ যাদৱে থানাত এজাহাৰ দাখিল কৰিছে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফ আই আৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।

 

হত্যাকাণ্ড টেনিছ