/asomiyapratidin/media/media_files/2025/07/10/radhika-2025-07-10-19-31-48.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৰগ্ৰামত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী পিতৃৰ হাততে মৃত্যু হ’ল টেনিছ খেলুৱৈ। পিতৃৰ হাতত প্ৰাণ যোৱা টেনিছ খেলুৱৈগৰাকীৰ নাম ৰাধিকা যাদৱ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ হাতৰি অনুসৰি ৰাধিকাক তেওঁৰ পিতৃয়ে গুলীয়াই হত্যা কৰিছে। এগৰাকী উদীয়মান টেনিছ খেলুৱৈ হিচাপে ইতিমধ্যে তেওঁ লাভ কৰিছিল যথেষ্ট খ্যাতি। তেওঁ ৰাজ্যিক পৰ্যায়ত লাভ কৰিছিল কেইবাটাও খিতাপ।
অতি প্ৰতিভাৱান এইগৰাকী টেনিছ খেলুৱৈক লক্ষ্য কৰি পিতৃয়ে ৫ টাকৈ গুলী চলাইছিল। ইয়াৰে তিনিটা গুলীয়ে তেওঁক আঘাত কৰে। তিনিটাকৈ গুলী দেহত লগাত মৃত্যু হয় ৰাধিকাৰ।
গুৰগ্ৰামৰ ছেক্টৰ-৫৭ৰ সুশান্ত লোক-২ নামৰ ঘৰটোত সংঘটিত হৈছে এই ঘটনা। কিন্তু অতি প্ৰতিভাৱান এই টেনিছ খেলুৱৈগৰাকীক কিয় নিজ পিতৃয়েই গুলীয়াই হত্যা কৰিলে সেয়া এতিয়াও অস্পষ্ট। অৱশ্যে আৰক্ষীয়ে এই ৰহস্য ভেদ কৰিবলৈ আৰম্ভ কৰিছে তদন্ত।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এই কথা নিশ্চিত হৈছে যে, পিতৃয়ে গুলীওৱাৰ পিছত আঘাতপ্ৰাপ্ত অৱস্থাৰে তেওঁক লৈ যোৱা হৈছিল হাস্পতাললৈ। কিন্তু হাস্পতালত তেওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰ জব্দ কৰিছে।
আৰক্ষী সূত্ৰতে প্ৰকাশিত খবৰ অনুসৰি এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ৰীল। ৰীল বনোৱাক কেন্দ্ৰ কৰিয়েই প্ৰথমে পিতৃ-কন্যাৰ মাজত সংঘটিত হৈছিল কাজিয়া। তাৰ পিছতে সংঘটিত হয় এই ঘটনা। অৱশ্যে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই তথ্য সদৰী কৰা নাই।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকা বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হৈছিল। আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (আই টি এফ)ত ডাৱলছ টেনিছ খেলুৱৈ হিচাপে ৰাধিকা যাদৱে ১১৩ নং স্থান লাভ কৰিছিল। ২০০০ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাধিকা যাদৱ আই টি এফ ডাবলছৰ শীৰ্ষ ২০০ ৰ ভিতৰত আছিল।