/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
ডিজিটেল সংবাদ,টেঙাখাত: ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অধীনৰ পানধোৱা গাঁৱৰ এজন যুৱক সমীপৰ বুঢ়ীদিহিং নদীত ডুব গৈ অদ্যপৰিমিত সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী মৰ্মে আজি আবেলি প্ৰায় ৩ বজাত পানধোৱা গাঁৱৰ পৰিক্ষীত সোনোৱালৰ পুত্ৰ নয়নজ্যোতি সোনোৱাল (২০) তুলসী বৰশইকীয়াৰ পুত্ৰ সুপ্ৰিয় বৰশইকীয়া (১৯)বিপুল সোনোৱালৰ পুত্ৰ দেৱজিত সোনোৱালে (১৯) মটৰ চাইকেল লৈ প্ৰায় দুই কিলোমিটাৰ দূৰত অৱস্থিত বুঢ়ীদিহিং নদীৰ পাৰলৈ যায়।
নয়নজ্যোতি সোনোৱাল আৰু সুপ্ৰিয় বৰশইকীয়াই বুঢ়ীদিহিং এৰাসুঁতি সাতুৰি পাৰহৈ মেছ চাপৰিত গৈ কিছু সময় থাকি পুণৰ পাৰলৈ ঘূৰি অহাৰ সময়তে নয়নজ্যোতি সোনোৱাল নদীৰ পানীত ডুব যায়। পৰবৰ্তী সময়ত লগৰকেইজনে তেওঁক উদ্ধাৰ কৰিব নোৱাৰি পৰিয়ালবৰ্গ বন্ধু-বান্ধৱ তথা সম্বন্ধীয় লোকক ঘটনাৰ সম্পৰ্কে ফোন কৰি অৱগত কৰে ।
লগে লগে পৰিয়ালবৰ্গই টেঙাখাত আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কে জনোৱাৰ পিছতে টেঙাখাত আৰক্ষী থানাৰ তৎপৰতাত সন্ধিয়া প্ৰায় ৫-৪৫ বজাত ডিব্ৰুগড়স্থ এচ ডি আৰ এফ বাহিনীৰ মেজৰ ৰানা দেউৰীৰ নেতৃত্বত এটি ডুবাৰুৰ দলে প্ৰায় ৭ বজালৈ নদীৰ বুকুত ডুবযোৱা নয়নজ্যোতি সোনোৱালক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয় যদিও নিশা হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগা হয়। জানিব পৰা মতে কাইলৈ পুৱাৰ পৰা উক্ত ডুবাৰু বাহিনীয়ে পুণৰ উদ্ধাৰ অভিযান চলাব।