/asomiyapratidin/media/media_files/2025/06/04/mnmMw1kEifpGRjkZWswH.jpg)
ডিজিটেল সংবাদ,টেঙাখাত: ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টি তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় অধীনৰ অচিতপুৰ চাহ বাগিছাৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবীত কালি টেঙাখাতত এক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়।
অসম চাহ জনজাতি ছাত্ৰ সন্থা ( আটছা) টেঙাখাত শাখাৰ উদ্যোগত আৰু লেংৰাই উপ-শাখা আৰু শ্ৰমিক গোটৰ সহযোগত আজি দিনৰ প্ৰায় ১১ বজাত আটছাৰ নেতা কৰ্মী তথা দুই শতাধিক শ্ৰমিক গোটৰ চাহ শ্ৰমিকৰ পুৰুষ মহিলা টেঙাখাতৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখত অৱস্থান কৰে।
উক্ত স্থানৰ পৰা তেওঁলোকে প্ৰতিবাদী বেনাৰ তথা হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতিবাদী শ্ল'গান দি সমদল কৰি টেঙাখাত নগৰৰ গড়কাপ্তানি পথ বন্ধ তথা অৱস্থান কৰি প্ৰায় ২০ মিনিট ধৰ্ণা দি আকাশ বতাহ কঁপাই দিয়া পৰিলক্ষিত হয়। ইয়াৰ পিছতে পুনৰ প্ৰায় ১ কিলোমিটাৰ ৰাজপথেদি প্ৰতিবাদী সমদল কৰি টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ গেটৰ সন্মুখত অৱস্থান কৰি ধৰ্ণা দিয়ে।
আটছা কেন্দ্ৰীয় সদস্য প্ৰমোদ বাৰলা টেঙাখাত শাখাৰ সভাপতি তিলক খালখ উপ-সভাপতি জিতেন উৰাং, সম্পাদক ৰবাৰ্ট ভূঞা, সহঃ সম্পাদক প্ৰমেন এক্কা উপদেষ্টা শ্যামল চালুক, সাংগঠনিক সম্পাদক ৰঞ্জিত জাতাৰমা বিশ্বজিত উৰাং, শিক্ষা সম্পাদক সত্যজিত পাতৰ লেংৰাই, উপ- শাখাৰ সভাপতি হিমালয় প্ৰজা, সম্পাদক শিবা চুড়ী, সহকাৰী সম্পাদক বিশ্বজিত মাঝি উদয় গড় জিলাৰ সাংগঠনিক সম্পাদক দীপক পাতৰ, সদস্য অনিল কাৱাৰ আদিৰ নেতৃত্বত উল্লেখিত স্থানত বিভিন্ন শ্ল'গান দি ৰাজপথ তথা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।
ইফালে প্ৰতিবাদস্থলিত দুলীয়াজান সমজিলাৰ সহকাৰী আয়ুক্ত কৌস্তভ মনি নাথ উপস্থিত হোৱাৰ পিছতে প্ৰতিবাদকাৰী সকলে তেওঁৰ হাতত আটছা টেঙাখাত শাখাৰ সভাপতি তিলক খালখ সম্পাদক ৰবাৰ্ট ভূঞাৰ স্বাক্ষৰিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ সম্বোধন কৰা তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিব লগা চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
উক্ত চাৰিদফীয়া দাবী সমূহ হ'ল- অচিত চাহ বাগিছাই শ্ৰম আইন উলংঘা কৰি শ্ৰমিকৰ জীৱন জীৱিকাৰ লগত হেতালি খেলা বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা, চাহ শ্ৰমিক উপ-শ্ৰমিকৰ দীৰ্ঘদিন বন্ধ হৈ থকা দৰমহা তথা অন্যান্য প্ৰাপ্য সুবিধা শীঘ্ৰে মুকলিৰ ব্যৱস্থা কৰা, অৱসৰসৰপ্ৰাপ্ত কৰ্মচাৰীৰ অনাদায় ধন শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰা, শ্ৰমিক কমচাৰী উপ -কৰ্মচাৰীৰ বকেয়া পি এফৰ ধন আদায় দিয়াৰ ব্যৱস্থা কৰা।