টেঙাখাত কলা নিকেতন আৰু কল্পদ্ৰুম গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত দহদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

টেঙাখাত কলা নিকেতন আৰু কল্পদ্ৰুম গোষ্ঠীৰ উদ্যোগত, টেঙাখাত কলা নিকেতনৰ অস্থায়ী ভৱন তথা সুখলাল আগৰৱালা হিন্দী প্ৰাথমিক বিদ্যালয় খেলপথাৰত যোৱা ২৭ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
দহদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, টেঙাখাত : টেঙাখাত কলা নিকেতন আৰু কল্পদ্ৰুম গোষ্ঠীৰ উদ্যোগত, টেঙাখাত কলা নিকেতনৰ অস্থায়ী ভৱন তথা সুখলাল আগৰৱালা হিন্দী প্ৰাথমিক বিদ্যালয় খেলপথাৰত যোৱা ২৭ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে । বহু সংখ্যক  শিশু- কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে- বিহুৱতী কল্পিতা গগৈ বৰুৱা, অপ্সৰা গগৈ, বিহুৱা সৌৰভ হাজৰীকা, দিপাংক সোনোৱাল, মানৱ সোনোৱাল, কৰুণ শইকীয়া তথা থুৰীয়া বিহুৱা দলৰ শিল্পীসকলে । 

Advertisment

ইফালে আজি আবেলি অনুষ্ঠিত সামৰণি অনুষ্ঠানটি কলানিকেতনৰ মুখ্য সঙ্গীত শিক্ষক তথা শিল্পী অচিন্ত ফুকনৰ নেতৃত্বত এটি সুমধুৰ বিহুসুৰীয়া সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় । উদ্যোক্তামণ্ডলী, প্ৰশিক্ষকসকল, অভিভাৱক অভিভাৱিকা, সাংবাদিক তথা শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশেষ আদৰণি অনুষ্ঠানটি উদ্বোধন কৰে টেঙাখাত প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত শইকীয়াই । 

টেঙাখাত কলা নিকেতনৰ সভাপতি দীপক গগৈয়ে আঁত ধৰা সম্পাদক সুভাষ চুতীয়া তথা অন্যান্য সকলে তত্বাৱধান কৰা অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষকসকলৰ পৰিচালনাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া দৃষ্টিনন্দন ঢোলবাদন  আৰু বিহুনাচ পৰিবেশন কৰা পৰিলক্ষিত হয়। লগতে কলা নিকেতনৰ  সত্ৰীয়া নৃত্যৰ এটি শিল্পীৰনৱ দলে সত্ৰীয়া  দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।

বিহু কৰ্মশালা