Advertisment

বটদ্ৰৱাত কৰ্মবিৰতি ঘোষণাৰে অস্থায়ী জলমিত্ৰৰ প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত কৰ্মৰত অস্থায়ী কৰ্মচাৰী জলমিত্ৰসকলে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
Temporary Jalmitra protests in Botadrwa

Temporary Jalmitra protests in Botadrwa

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত কৰ্মৰত অস্থায়ী কৰ্মচাৰী জলমিত্ৰসকলে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ এইসকল অস্থায়ী কৰ্মচাৰীয়ে বটদ্ৰৱা পানী যোগান আঁচনিৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ বেনাৰ- পষ্টাৰ আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে। 

Advertisment

তেওঁলোকৰ দাবী- "শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাট্টা প্ৰদান কৰা, এংগেইজমেনটৰ পৰিৱৰ্তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা পোনপটীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰা, কৰ্মচাৰীসকলৰ জীৱনৰ নিৰাপত্তা, পৰিয়ালৰ সুৰক্ষাৰ লগতে উপভোক্তা সমিতিৰ দ্বাৰা নিযুক্তিৰ পৰিবৰ্তে পোনপটীয়াকৈ চৰকাৰী নিযুক্তি আদিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। 

উল্লেখ্য যে, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম উল্লেখ্যযোগ্য প্ৰকল্প জল জীৱন মিছনৰ প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণৰ বাবে যোৱা বছৰ ৰাজ্যৰ ১০ খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত এইসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। জল জীৱন আঁচনিৰ সফল ৰূপায়ণৰ বাবে পানী যোগানৰ সম্পূৰ্ণ হোৱা আঁচনি তথা পূৰ্বৰ পৰা চলি থকা আঁচনিসমূহত একোগৰাকী জলমিত্ৰক নিয়োগ কৰা হৈছিল। 

বিগত দিনত হাজাৰ হাজাৰ জলমিত্ৰক কামত নিয়োজিত কৰাৰ চুক্তি পত্ৰও (Engagement letter) প্ৰদান কৰা হৈছিল । প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিগৰাকী জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা হৈছে।

Batadrawa jal jivan mission